গুৱাহাটী অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এশ দিনৰ কাৰ্যসূচীৰ অন্যতম কেন্দ্ৰীয় হস্ততাঁত মন্ত্ৰালয়ৰ অধীনৰ “শিপিনী আৰু হস্তকলা শিল্পৰ উত্থান” শীৰ্ষক দক্ষতা বিকাশ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় হস্ততাঁত আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই কাৰ্যসূচী মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ মন্ত্রী ইউ জি ব্ৰহ্মই হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সৈতে জড়িত শিপিনী তথা অন্যান্য শিল্পীসকলৰ কাৰিকৰী প্ৰশিক্ষণৰ প্রয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। সমগ্ৰ দেশৰ মুঠ এশটা গোটৰ শিপিনী আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্পীৰ এশ দিনীয়া জলপানীসহ প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী মাৰ্ঘেৰিটাই ভার্চুৱেল ব্যৱস্থাৰে কেৰালা, হায়দৰাবাদ আৰু কোলহাপুৰৰ হস্তশিল্পীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি হস্ততাঁত শিল্পৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।
Site Admin | July 28, 2024 11:42 AM | handloom and textile department of the state government