May 19, 2024 9:00 PM | Local news

printer

গুৱাহাটীৰ খানাপাৰাত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক

জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এখন বৈঠক আজি গুৱাহাটীৰ খানাপাৰাৰ বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হয়। বিভিন্ন জনজাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত সমিতিৰ মুখ্য সমন্বয়ক তথা সদৌ অসম জনজাতীয় সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে কয় যে, জুলাইৰ প্ৰথম ভাগত গুৱাহাটীত ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদসকলৰ উপস্থিতিত এখন শিক্ষা সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনি সন্দৰ্ভত জনজাতি সমাজক সজাগ আৰু সচেতন কৰাৰ বাবে এখন কল্যাণকামী সন্মিলন আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। তদুপৰি জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আওহতীয়া জনজাতীয় অধ্যুষিত গাওঁসমূহ চিনাক্ত কৰি ২০০ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন, বনাঞ্চলত থকা লোকসকলক বন অধিকাৰ প্ৰদান আদি সন্দৰ্ভত দাবী জনায়।

অধিক পঢ়ক

সকলো চাওক