ডাউনলোড
মোবাইল এপ

android apple
signal

December 29, 2024 8:56 PM | Assam Book Fair

printer

গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত তৃতীয় দিনা অগণন লোকৰ সমাগম

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাও কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি বিয়লি গ্রন্থমেলাথলীত ভিন্ন সাহিত্য ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ শীর্ষক আলোচনাচক্র সম্পন্ন হয়। আলোচনাত অংশ লৈ বিশিষ্ট সাহিত্যিক-সমালোচক ড০ আনন্দ বৰমুদৈয়ে কয় যে সাহিত্যৰ পৰিমণ্ডল ন-ন ৰূপেৰে প্ৰসাৰিত হোৱা হেতুকে অধ্যয়নৰ বাবে গ্ৰন্থ নির্বাচন কৰাটো পাঠকৰ গুৰুদায়িত্ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বিভাস চৌধুৰী আৰু ড০ প্ৰাঞ্জল শর্মা বশিষ্ঠ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰ আৰু কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্রশান্ত চক্ৰৱৰ্ত্তীৰ লগতে কেইবাগৰাকীও আলোচকে অংশগ্ৰহণ কৰে। বিয়লি অনুষ্ঠিত গল্পৰ আবেলি শীর্ষক অনুষ্ঠান বিশিষ্ট কথাশিল্পী তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে উদ্বোধন কৰে। গল্পকাৰ, ঔপন্যাসিক গিতালী বৰাই আঁত ধৰা এই অনুষ্ঠানত ফুল গোস্বামী, মণিকা দেৱী, বিপাশা বৰা, মনস্বিনী মহন্তৰ লগতে কেইবাগৰাকীও গল্পকাৰে অংশগ্ৰহণ কৰে। আজি গ্ৰন্থমেলাৰ অন্যান্য কাৰ্যসূচীৰ লগতে উপেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী সভাগৃহত হৃদয়মুখী বর্ণমালা নামৰ অনুগল্প গোটৰ উদ্যোগত আৰু চন্দ্ৰ প্ৰকাশৰ সহযোগত আয়োজিত সদৌ অসম ভিত্তিত অনুগল্প প্রতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত প্ৰথম পুৰস্কাৰ কিৰণ দত্ত সোঁৱৰণী, দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয় বিজয় চন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী আৰু তৃতীয় পুৰস্কাৰৰূপে স্বৰ্গীয় মৃগেন্দ্ৰ নাথ কলিতা সোঁৱৰণী নগদ ধনৰ পুৰস্কাৰো আছে। এই অনুষ্ঠানত বিশিষ্ট লেখক-চিকিৎসক-গায়ক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়েও অংশগ্ৰহণ কৰে। আজি বছৰৰ শেষৰটো দেওবাৰ হোৱা হেতুকে গ্রন্থমেলাথলীত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক