গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীত হোৱা কৃত্রিম বান সন্দৰ্ভত এটা বেচৰকাৰী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ আজি শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। খণ্ড বিচাৰপীঠে লগতে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে স্থায়ী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি প্ৰকাশ কৰে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াক আদালতত সহায় কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীক গোচৰটোৰ ক্ষেত্ৰত আদালতৰ বন্ধু হিচাপে সহায় কৰিবলৈ আহ্বান জনায়। ১৯ আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে ৫ আগষ্টত গুৱাহাটী মহানগৰীত প্ৰৱল বৰষুণৰ ফলত উদ্ভৱ হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি আদালতে আজি ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্ৰহণ কৰে।
Site Admin | August 7, 2024 7:48 PM | assam flood 2024 | Guwahati flood | Guwahati High Court
গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
