গুৱাহাটীত ৫৫ খন প্রতিমা বিসর্জন দিয়া হ’ব

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ আজি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্ৰক্ৰিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হ’ব। গুৱাহাটী মহানগৰীত আজিৰে পৰা ৩ দিনীয়াকৈ প্ৰতিমা বিসর্জনৰ ব্যৱস্থা কৰা হৈছে। বিসর্জন প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাৰ্ট পথসমূহত যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীৰ কোনো কোনো অঞ্চলত আজিয়ে যথাবিহিত পৰম্পৰাৰে বিসৰ্জন প্রক্রিয়া সম্পন্ন হৈছে। সম্পূৰ্ণ নিয়াৰিকৈ এই প্ৰক্ৰিয়া সম্পন্ন হৈছে বুলি আৰক্ষী আয়ুক্তই প্ৰকাশ কৰিছে। আজিৰ দিনটোত গুৱাহাটীত ৫৫ খন প্রতিমা বিসর্জন দিয়া হ’ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। আনহাতে, কাইলৈ দুই শতাধিক দেৱী প্ৰতিমা বিসর্জন দিয়া হ’ব।
শিৱসাগৰ জিলাতো আজি বিজয়া দশমী উপলক্ষে বিসর্জন পৰ্ব আৰম্ভ হৈছে। শিৱসাগৰ নগৰৰ থানামুখ অঞ্চলৰ দিখৌ নদীৰ ঘাটত আজি কটকটীয়া নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থাৰে মাজেৰে প্ৰতিমা বিসর্জন আৰম্ভ হয়। ঢাক-ঢোল আৰু ভক্তসকলৰ হৰ্ষ উল্লাসৰ মাজেৰে পৰম্পৰাগত ৰীতি-নীতিৰে ৬ খন পূজামণ্ডপৰ প্রতিমা আজি বিসর্জন দিয়া হয়। উল্লেখযোগ্য যে শিৱসাগৰৰ দেৱীদ’লৰ পূজাৰ প্ৰতিমা বিসর্জন দিয়াৰ পাছতেই অন্য পূজা কমিটিসমূহৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। কাইলৈ নগৰখনৰ অন্য ১৮ খন প্রতিমা বিসর্জন দিয়া হব। নগৰখনৰ দেৱীদৌলত ঐতিহাসিক পৰম্পৰা অনুসৰি ব্যাপক আয়োজনেৰে দুৰ্গা পূজা অনুষ্ঠিত হয়। জনবিশ্বাস আৰু আস্থাৰ প্ৰতীক দেৱীদ’লৰ দুৰ্গা পূজাই যুগ যুগ ধৰি সম্প্ৰীতিৰ বাৰ্তা দি আহিছে। প্ৰতি বছৰৰ দৰে এই বছৰো পূজাৰ নৈবদ্যৰ এটা অংশ শিৱসাগৰৰ ইছলাম ধৰ্মাৱলম্বী দৌল্লা পৰিয়ালৰ লগতে কনচেং বৰপাত্ৰ গোহাঁই পৰিয়াললৈ আগবঢ়োৱা হয়। এই কাৰ্যৰ দ্বাৰা দেৱীদ’লৰ পূজাই সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে। শিৱসাগৰ জিলাৰ আয়ুক্তৰ উপস্থিতিত কালি দেৱীদ’ল চৌহদত এই বিশেষ কার্যসূচী সম্পন্ন হয়। উল্লেখযোগ্য যে দেৱী দৌল প্ৰতিষ্ঠাৰ কালৰ পৰাই শিৱসাগৰৰ দৌল্লা পৰিয়ালৰ পূৰ্বপুৰুষে দেৱীদ’লত ঢাক বজাই আহিছে।
কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ নো মেনছ লেওতো শাৰদীয় দুর্গা পূজা অনুষ্ঠিত হয়। এই উপলক্ষে উলহ মালহৰ পৰিবেশে বিৰাজ কৰে। অৱশ্যে সীমান্ত সুৰক্ষা বাহিনীৰ অনুমতি লৈহে এই পূজাত উপস্থিত হ’বলৈ ভক্তসকলক দিয়া হৈছিল। এই পূজাভাগৰো বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গোৱালপাৰা জিলাৰ কিছুসংখ্যক পূজা সমিতিয়ে বৈদিক ৰীতি-নীতিৰ মাজেৰে আজি বিসর্জন কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিপৰীতে অধিক সংখ্যক পূজা সমিতিয়ে কাইলৈ প্ৰতিমা বিসর্জন কৰিব। চহৰখনৰ কাচাৰীঘাটত আজিৰে পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাৰ বিসৰ্জন প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে জিলাখনৰ আয়ুক্তই সকলো বিসৰ্জনস্থলী আৰু ঘাট পৰিদৰ্শন কৰিছে। জিলাখনত কাইলৈ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হব। কাৰ্বি আংলং জিলা প্ৰশাসনেও কাইলৈ দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। জিলাখনত কাইলৈ এই উপলক্ষে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত শান্তি-শৃংখলা অটুত ৰখাৰ লক্ষ্যৰে সুৰাৰ ক্রয়-বিক্রী, মজুতকৰণ আৰু ৰাজহুৱা স্থানত সুৰাপান নিষিদ্ধ কৰা হৈছে। ইপিনে, শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে বাহন চলাচলৰ ক্ষেত্ৰত আজি আৰু কাইলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি আজি পুৱা ১০ বজাৰ পৰা প্ৰতিমা বিসর্জন সমাপ্ত নোহোৱালৈকে কেইটামান পথ সম্পূৰ্ণ ৰূপে সাধাৰণ জনতাৰ বাবে বন্ধ থাকিব। আনহাতে, প্রতিমা কঢ়িওৱা বাহনসমূহ গুৱাহাটী ক্লাবৰ পৰা এম চি পথ হৈ উচ্চ ন্যায়ালয়ৰ কাষেৰে লাচিত ঘাটলৈ যাব পাৰিব। আনহাতে টকবাৰী, পল্টন বজাৰ, উলুবাৰী, ৰিহাবাৰী দিশৰ পৰা অহা বাহনসমূহ আর্যনগৰ-এ কে আজাদ পথ হৈ নেপালী মন্দিৰ গধূলি বজাৰ-পানবজাৰ হৈ লাচিত ঘাটত বিসৰ্জনৰ বাবে যাব পাৰিব। একেদৰে, গণেশগুৰি, দিছপুৰ, কাহিলিপাৰা আদি অঞ্চলৰ পৰা প্ৰতিমা বিসর্জনৰ বাবে যোৱা বাহন সমূহ আৰ জি বৰুৱা পথ, চানমাৰি, গুৱাহাটী ক্লাব হৈ লাচিত ঘাটলৈ যাব পাৰিব। এই সময়ছোৱাত সাধাৰণ যানবাহনৰ বাবে পথ কেইটা সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।

অধিক পঢ়ক

সকলো চাওক