গুৱাহাটীত অনুষ্ঠিত ব্যৱসায়িক সূচলতা সন্দৰ্ভত আই চি চিৰ মাহটোৰ অতিথিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্য সচিব ৰবী কোটাই উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় বাণিজ্য মহাসংঘই আগবঢ়োৱা অৱদান আৰু প্ৰচেষ্টাৰ শলাগ লয়। গুৱাহাটীত এনেধৰণৰ অনুষ্ঠানৰ আয়োজন অসমৰ ব্যৱসায়িক পৰিবেশৰ ভৱিষ্যত গঢ়াৰ বাবে সকলো অংশীদাৰকে অভিলাসী লক্ষ্য নিৰ্ধাৰণৰ সুযোগ আগবঢ়াব বুলি ড০ কোটাই মন্তব্য কৰে। তেওঁ কয় যে, প্রথম দৃষ্টিত ব্যৱসায়ৰ সূচলতা বিষয়টো অতি সৰল যেন লাগিলেও প্ৰতিটো উদ্যোগকে সফল কৰি তোলাৰ ক্ষেত্ৰত বিস্তৃত কাম-কাজৰ প্ৰয়োজন। এই ক্ষেত্ৰত চৰকাৰ আৰু সকলো অংশীদাৰৰ মাজত প্ৰতিটো স্তৰতে মত বিনিময় হোৱাটো অতি গুৰুত্বপূৰ্ণ। এনে কাৰ্যই ব্যাপক মাত্ৰাত একোটা উদ্যোগক উপকৃত কৰাত সহায় কৰে। ড০ কোটাই লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যৱসায়িক সূচলতাৰ বাবে আইন অথবা নীতি নিয়মৰ সংশোধনৰ উপৰি নতুন আইন প্রনয়ন নাইবা অপ্রয়োজনীয় ৰঙা ফিটাৰ মেৰপেছ আঁতৰাই ভালেমান প্রত্যক্ষ আৰু পৰোক্ষ ব্যৱস্থা গ্ৰহণ কৰা বুলিও উল্লেখ কৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশৰে উদ্যোগিক সংস্থাসমূহৰ সৈতে জড়িত হৈ উন্নতমানৰ অনুশীলন সমূহৰ সৈতে পৰিচিত হোৱা কাৰ্যও অতি গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে।
Site Admin | August 2, 2024 6:59 PM | AIR GUWAHATI | Akashvani