ডাউনলোড
মোবাইল এপ

android apple
signal

August 4, 2024 7:00 PM | BJP Assam Pradesh

printer

গুৱাহাটীত অসম প্ৰদেশ বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

অসম প্ৰদেশ বিজেপিৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত হয়। তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা নৰেন্দ্ৰ মোদীক ধন্যবাদসূচক প্ৰস্তাৱৰ লগতে অভিনন্দন জ্ঞাপন কৰা সভাখনত বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ মূল্যায়ন কৰা হয়। ইয়াৰ লগতে ৰাজ্যৰ পাঁচটা সমষ্টিৰ আগন্তুক উপ-নির্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কার্যপ্রণালীৰ বিষয়তো কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী হৰিশ দ্বিৱেদীকে ধৰি ৰাজ্যিক বিজেপিৰ বিভিন্ন বিষয়ববীয়া, মুখপাত্র, কোষ আৰু বিভাগৰ আহ্বায়ক তথা সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত আজি কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। বিকশিত ভাৰতৰ যাত্ৰা অব্যাহত ৰাখি ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু তৃণমূল পৰ্যায়ত দলটোক সবল আৰু শক্তিশালী কৰি তোলাৰ লগতে সাংগঠনিক ভেটি সুদৃঢ়কৰণ তথা দলীয় নীতি প্ৰচাৰ আৰু প্ৰসাৰৰ সংকল্পৰে আজিৰ সভাই বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দলৰ চৰকাৰখনে গ্ৰহণ কৰা জনকল্যাণমুখী কাম-কাজসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰি থকা দলীয় কৰ্মীসকলক আজিৰ সভাত কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক