May 16, 2024 11:29 AM | IPL Cricket

printer

গুৱাহাটীত অনুষ্ঠিত আই পি এলৰ খেলত ৰাজস্থান ৰয়েলছক পাঞ্জাব কিংছৰ ৫ উইকেটত পৰাস্ত

পাঞ্জাব কিংছে যোৱানিশা গুৱাহাটীত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৪ ৰান কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে ৩৪টা বলত ৪৮ ৰান কৰে। পাঞ্জাব কিংছে আৰম্ভণিতে ৰিলে ৰোচ’ৰ আৰু শশাংক সিঙৰ উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয় যদিও ৪১টা বলত ৬৩ ৰান কৰি অপৰাজিত হৈ ৰোৱা ছেম কৰেন আৰু জিতেশ শৰ্মাৰ যুটীয়ে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দলটোৱে সহজে জয় লাভ কৰে। পাঞ্জাব কিংছে ১৮ অভাৰ আৰু ৫টা বলত ৫টা উইকেট হেৰুৱাই ১৪৫ ৰান কৰে। ৰাজস্থানৰ হৈ অৱেশ খান আৰু যুজবেন্দ্র চহলে দুটাকৈ উইকেট দখল কৰে। ৰাজস্থান ৰয়েলছে কালিৰ ফলাফলৰ পাছত একেৰাহে ৪ খন খেলত পৰাজয় বৰণ কৰিছে যদিও দলটো ১৬ পইন্টেৰে প্ৰতিযোগিতাৰ পইন্ট তালিকাত দ্বিতীয় স্থানত আছে। আনহাতে পাঞ্জাব কিংছ পইন্ট তালিকাৰ দশম স্থানৰ পৰা নৱম স্থানলৈ উন্নীত হৈছে। প্রতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্টীয় ক্রিকেট স্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। হায়দৰাবাদে বৰ্তমানলৈকে ১৪ পইন্ট অর্জন কৰি প্ৰতিযোগিতাৰ পইন্ট তালিকাৰ চতুৰ্থ স্থানত আছে। শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছ ১১ পইন্টেৰে অষ্টম স্থানত আছে। উল্লেখযোগ্য যে, কলকাতা নাইট ৰাইডার্চ ১৯ পইণ্টেৰে পইন্ট তালিকাৰ শীৰ্ষত আছে।

অধিক পঢ়ক

সকলো চাওক