গুজৰাটৰ ৰাজকোট চহৰৰ নানা মাভা পথত অৱস্থিত টি আৰ পি গেম জ’নত কালি সন্ধিয়া সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২৬ জন লোকে প্রাণ হেৰুৱাইছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৯টি শিশুও আছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলিত অগ্নিনির্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নির্বাপনৰ চেষ্টা চলায়। জানিব পৰা মতে টি আৰ পি গেমজ’ন হৈছে গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলৰ আটাইতকৈ ডাঙৰ গেম জ’ন। এই অগ্নিকাণ্ড ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে। ৰাজকোটৰ আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱে জনোৱা মতে, এই ঘটনাৰ পিছতে ৰাজকোটৰ বাকী সকলো গেম জ’ন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মৃতদেহবোৰৰ অধিকাংশই চিনিব নোৱাৰাকৈ জ্বলি যোৱাৰ পৰিপ্ৰেক্ষিতত চিনাক্তকৰণৰ বাবে ডি এন এ পৰীক্ষাৰ সহায় লোৱা হ’ব। আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয় যে এই সন্দর্ভত ইতিমধ্যে লাভ কৰা সকলো অভিযোগ পঞ্জীয়ন কৰা হ’ব, আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। গুজৰাটৰ আৰক্ষী সঞ্চালক প্রধানে ৰাজ্যৰ সকলো গেম জ’ন পৰিদৰ্শন কৰাৰ লগতে অগ্নিনির্বাপক বাহিনীৰ অনুমতি অবিহনে চলি থকা গেম জ’নসমূহ বন্ধ কৰিবলৈ আৰক্ষী আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকসকলক নির্দেশ দিছে। ইফালে গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে ভুক্তভোগী পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছে। আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব।
ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে অগ্নিকাণ্ডত নিহত লোক সকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে টেলিফোন যোগে মুখ্যমন্ত্রী ভূপেন্দ্ৰ পেটেলৰ পৰা ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে অগ্নিকাণ্ডত নিহত লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্রধানমন্ত্রীয়ে দুর্ঘটনাটোৰ সম্পূৰ্ণ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নির্দেশ দিয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও দুর্ঘটনাটোত নিহত লোক সকলৰ প্ৰতি গভীৰ শোক প্রকাশ কৰিছে। তেওঁ সকলো শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।