গুজৰাটৰ বানছকান্থা জিলাৰ ভৱ বিধানসভা আসনৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে।
উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে জোৰদাৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সমষ্টিটোত দহ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও বিজেপি নেতা স্বৰূপজি ঠাকুৰ, কংগ্ৰেছৰ গুলাব সিং ৰাজপুত আৰু নিৰ্দলীয় প্ৰাৰ্থী মাৱজী পেটেলৰ মাজতে মূল নির্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোত কাইলৈ ভোটগ্ৰহণ কৰা হ’ব আৰু ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব।