ডাউনলোড
মোবাইল এপ

android apple
signal

গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াক্রাফ্‌ট কমপ্লেক্স মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড়ো ছানচেজে আজি যুটীয়াভাৱে গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াক্রাফ্‌ট কমপ্লেক্স মুকলি কৰে। এয়া হৈছে ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কার্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্রনিকছ লিমিটেড আৰু ভাৰত ডায়নেমিকছ লিমিটেডৰ দৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অগ্ৰণী গোটসমূহৰ লগতে ব্যক্তিগত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগসমূহেও অৰিহণা যোগাইছে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে টাটা এয়াক্রাফ্‌ট কমপ্লেক্সে গোলকীয় মহাকাশ উৎপাদনৰ এক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰে। তেওঁ কয় যে এই কাৰখানাই ভাৰত-স্পেইনৰ সম্পৰ্কৰ লগতে মেক ইন্‌ ইণ্ডিয়া আৰু মেক ফৰ দা ৱৰ্ল্ড অভিযানো শক্তিশালী কৰিব। প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত সামর্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিশ্বৰ বাবে অসামৰিক বিমান নিৰ্মাণ কৰাৰ সময় চমু চাপি আহিছে আৰু ইয়াত ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া খণ্ডই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব ৷ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ অভূতপূৰ্ব বৃদ্ধি আৰু দেশত প্ৰতিৰক্ষা উদ্যোগ গঢ়ি তোলা তথা প্ৰতিৰক্ষা উৎপাদনত ব্যক্তিগত খণ্ডৰ অংশীদাৰীত্ব বৃদ্ধিৰ বাবে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ ওপৰতো প্রধানমন্ত্রী মোদীয়ে আলোকপাত কৰে। তেওঁ কয় যে যোৱা ৫ বছৰত দেশত প্ৰায় এহেজাৰ প্ৰতিৰক্ষা ষ্টার্টআপ স্থাপন কৰা হৈছে। আনহাতে, যোৱা ১০ বছৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৩০ গুণ বৃদ্ধি হৈছে। ভাৰতে এতিয়া ১০০ খনতকৈও অধিক দেশলৈ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰে। প্রধানমন্ত্ৰীয়ে কয় যে বাডোদ্ৰাৰ এই নতুন সুবিধাই দেশৰ যুৱক-যুৱতীসকলক দক্ষতা আৰু প্ৰযুক্তি প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ বাবে কেইবাহাজাৰো নিয়োগৰ সৃষ্টি কৰিব। খাদ্য, চলচ্চিত্ৰ আৰু ফুটবলৰ জৰিয়তে ভাৰত আৰু স্পেইনৰ মাজৰ শক্তিশালী সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশে ২০২৬ বর্ষক সাংস্কৃতিক পর্যটন আৰু কৃত্রিম বুদ্ধিমত্তাৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই উপলক্ষে ভাষণ দি স্পেইনৰ প্ৰধানমন্ত্ৰী পেড়ো ছানচেজে কয় যে এয়াৰ বাছ আৰু টাটাৰ অংশীদাৰিত্বই ভাৰতীয় মহাকাশ উদ্যোগৰ অগ্ৰগতিত অৰিহণা যোগাব আৰু ইউৰোপৰ অন্যান্য কোম্পানীসমূহ ইয়াৰ সৈতে জড়িত হোৱাৰ বাবে নতুন দুৱাৰ মুকলি কৰিব। উল্লেখযোগ্য যে টাটা এয়াৰবাছ প্রকল্প হৈছে মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত সামৰিক বিমানৰ বাবে গ্ৰহণ কৰা দেশৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ এৰোস্পেচ প্রকল্প। ইয়াৰ পাছতেই দুয়োগৰাকী নেতাই এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ পাছত নেতা দুগৰাকীৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আমৰেলিত প্রায় ৪ হাজাৰ ৯০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আমৰেলী, জামনগৰ, মৰি, দেৱভূমি দ্বাৰকা, জুনাগড়, পোৰবন্দৰ, কচ্ছ আৰু বোটাড জিলাৰ নাগৰিকসকলক উপকৃত কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আমৰেলীত ভাৰত মাতা সৰোবৰো উদ্বোধন কৰিব। আনহাতে, সংযোগ উন্নত কৰাৰ প্ৰয়াসত প্ৰধানমন্ত্ৰীয়ে ২৮০০ কোটিতকৈও অধিক টকাৰ বিভিন্ন পথ প্ৰকল্পৰ ভেটি স্থাপন কৰিব। প্ৰায় এহেজাৰ ১০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা ভূজ-নলীয়া ৰেলগজ ৰূপান্তৰ প্ৰকল্প তেওঁ দেশবাসীৰ বাবে উচৰ্গা কৰিব। আমৰেলী জিলাৰ পানীযোগান বিভাগৰ ৭০০ কোটিটকীয়া অতিৰিক্ত ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্রকল্পও উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে। এই প্রকল্পসমূহৰ ভিতৰত নৱদাৰ পৰা শ্বাৱন্দালৈ বাল্ক পাইপলাইন অন্যতম, যিয়ে ৩৬ খন চহৰ আৰু এহেজাৰ ২৯৮ খন গাঁৱৰ প্ৰায় ৬৭ লাখ হিতাধিকাৰীক অতিৰিক্ত ২৮ কোটি লিটাৰ পানী যোগান ধৰিব পাৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে পৰ্যটন সম্পৰ্কীয় বহুতো আধাৰশিলা স্থাপন কৰিব য’ত পোৰবন্দৰ জিলাৰ মকাৰ সাগৰত থকা কালি ৰিচাৰ্জ জলাশয়ক বিশ্বমানৰ বহনক্ষম ইক’ ট্যুৰিজিমৰ গন্তব্য স্থানলৈ ৰূপান্তৰিত কৰাটো অন্তৰ্ভুক্ত হৈ আছে।

অধিক পঢ়ক

সকলো চাওক