কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা ৰাজ্যখনৰ সৰ্ববৃহৎ প্ৰকল্পটো মুকলি কৰে।
ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰে ৩৭৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু প্ৰকল্পটোত প্ৰতিদিনে এহেজাৰ মেট্রিকটন গোটা আৱৰ্জনাৰ পৰা ১৫ মেগাৱাট শক্তি উৎপাদন কৰিব পৰা যাব। উদ্বোধনী অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলেও অংশগ্ৰহণ কৰে।