ডাউনলোড
মোবাইল এপ

android apple
signal

গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। দেশৰ নাৰীসকলৰ মাজত উদ্যমিতা সৃষ্টি আৰু তেওঁলোকৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে প্রধানমন্ত্রী মোডীয়ে ২০২৩চনৰ ১৫ আগষ্টত লাখপতি দিদি আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত কৃষি, পশুপালন আৰু ক্ষুদ্র উদ্যোগৰ জৰিয়তে বছৰি কমেও এক লাখ টকা অৰ্জন কৰা আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক লাখপতি দিদি হিচাপে স্বীকৃতি দিয়া হয়। এইসকল মহিলাই চৰকাৰৰ পৰা আর্থিক সাহায্য আৰু বৃত্তিগত প্ৰশিক্ষণ লাভ কৰে। গুজৰাটত প্ৰায় ডেৰ লাখ মহিলাই বছৰি এক লাখ বা ততোধিক টকা উপাৰ্জন কৰি লাখপতি দিদিৰ স্বীকৃতি লাভ কৰিছে।
প্রধানমন্ত্ৰীয়ে আজি নৱছাৰীৰ বংশী-বৰছিত লাখপতি দিদি সন্মিলনত উপস্থিত থাকিব। এই অনুষ্ঠানত শ্রীমোডীয়ে ২৫ হাজাৰৰো অধিক আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক ৪৫০ কোটি টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লাখপতি দিদি সকলক লাখপতি দিদি প্ৰমাণপত্ৰৰে সন্মানিত কৰিব। শ্রীমোডী দুদিনীয়া ভ্রমণসূচীৰে কালি ৰাজ্যখনত উপস্থিত হৈছিল।

অধিক পঢ়ক

সকলো চাওক