গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে আজি গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ এই কাৰ্যসূচীৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ লগতে পৰিপুষ্টি আৰু অধ্যয়ন, প্রযুক্তি নিৰ্ভৰ উদ্যমৰ সহায়ত তথা পৰিপূৰক আহাৰৰ দ্বাৰা দেশত পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ প্ৰয়াস কৰা হ’ব। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ কন্যা শিশু আৰি মহিলাসকলৰ স্বাস্থ্য উন্নত হ’লেহে বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱয়িত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাকেন্দ্রীক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখ কৰি তেঁও কয় যে এইবাৰৰ বাজেটত কন্যা শিশু আৰু মহিলাসকলৰ কল্যাণৰ লক্ষ্যৰে ৩ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে আজিৰ অনুষ্ঠানতে দেশৰ সকলো অঙ্গনবাড়ী কেন্দ্ৰৰ এক পেৰ মা কে নাম অভিযানৰ শুভাৰম্ভ কৰে। দেশৰ বিভিন্ন অংশৰ লগতে আজি চৰাইদেউ জিলাতো জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত পোষণ মাহৰ শুভাৰম্ভ কৰা হয় । এই উপলক্ষে জিলাখনৰ প্ৰতিটো অঙ্গনবাড়ী কেন্দ্ৰৰ চৌহদত এক পেৰ মা কে নাম শীৰ্ষক কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। একেদৰে ডিব্ৰুগড় জিলাতো আজি পোষণ মাহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অধীনত ডিব্ৰুগড় জিলাৰ অঙ্গনবাড়ী কেন্দ্ৰ আৰু সংহত শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ত গছপুলি ৰোপণ কৰা হয়। প্রধানমন্ত্ৰীয়ে মাতৃৰ নামত একোটাকৈ গছপুলি ৰোপণৰ বাবে জনোৱা আহ্বান অনুসৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক