October 28, 2024 8:14 PM | PM Modi

printer

গুজৰাটৰ আমৰেলিত প্ৰায় ৪,৮০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আমৰেলিত প্ৰায় ৪ হাজাৰ ৮০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প মুকলি কৰাৰ লগতে আন কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উদ্দেশ্যে আয়োজিত সমাবেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে জল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে ৷ তেওঁ কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত গুজৰাটে বৃহৎ পৰিৱৰ্তন আৰু বহুমুখী বিকাশ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে আৰু এই সময়ছোৱাত সৌৰাষ্ট্ৰৰ অত্যন্ত শুকান অঞ্চলসমূহলৈও পানীৰ যোগান সম্ভৱ হৈছে আৰু ইয়ে কৃষকসকলৰ সমৃদ্ধিত সহায় কৰিছে। শ্রীমোদীয়ে সৌৰাষ্ট্ৰ অঞ্চলত পট পৰিৱৰ্তনকাৰী হিচাপে প্ৰমাণিত হোৱা শাওণী যোজনাকে ধৰি চৰকাৰৰ বিভিন্ন উদ্যম সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে, আজি শুভাৰম্ভ কৰা প্রকল্পসমূহে ৰাজ্যখনৰ সৌৰাষ্ট্ৰ, কচ্চ, জুনাগড়, পোৰবন্দৰ আৰু বোটাড জিলাৰ লোকসকলক বাৰুকৈয়ে লাভান্বিত কৰিব। তেওঁ কয় যে, নাৱদাৰ পৰা চাৱন্দ পর্যন্ত পাইপলাইন প্রকল্পই বোটাড, আমৰেলি, জুনাগড়, ৰাজকোট আৰু পোৰবন্দৰ জিলাৰ ১২ শৰো অধিক গাঁৱৰ আনুমানিক ৬৭ লাখ হিতাধিকাৰীলৈ ২৮ কোটি লিটাৰ অতিৰিক্ত পানী যোগান ধৰিব। তেওঁ লগতে ব্যাপক জল সংৰক্ষণৰ ক্ষেত্ৰত বিশিষ্ট উদ্যোগপতি চাৱজী ভাই ধালাকিয়াই গ্ৰহণ কৰা প্ৰচেষ্টাৰো শলাগ লয়। আজি শুভাৰম্ভ কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত ১০১ দশমিক ৪ কিলোমিটাৰ দৈৰ্ঘৰভূজ-নলীয়া ৰেলগজ ৰূপান্তৰ প্ৰকল্প, ১৫১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, ১৫১ (ক) নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশৰ ৪ লেনযুক্তকৰণ প্রকল্পকে ধৰি ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে আন কেইবাটাও উন্নয়নমূলক প্রকল্প আছে। ভূজ নালিয়া ৰেলগজ ৰূপান্তৰ প্ৰকল্পই বাকী অন্যান্য ৰেল নেটৱৰ্কৰ সৈতে ব্ৰডগজ ৰেল যোগাযোগৰ সুবিধা প্ৰদান কৰিব। এই প্ৰকল্পটোৱে কচ্চ অঞ্চলৰ পৰ্যটন বৃদ্ধিৰ লগতে নিয়োগৰ সুবিধাও বৃদ্ধি কৰিব। শ্রীমোদীয়ে আজি পৰ্যটনৰ সৈতে জড়িত বিভিন্ন উন্নয়নমূলক উদ্যমৰো আধাৰশিলা স্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক