September 1, 2024 8:38 PM | Home Ministry

printer

গুজৰাটত বৰষুণ আৰু বানপানীয়ে কৰা ক্ষতি মূল্যায়ণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আই এম চি টি গঠন

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে গুজৰাটত বৰষুণ আৰু বানপানীয়ে কৰা ক্ষতি মূল্যায়ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ কাৰ্যবাহী সঞ্চালকৰ নেতৃত্বত এটা আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় গোট— আই এম চি টি গঠন কৰিছে। গোটটোৱে শীঘ্ৰে ৰাজ্যখনৰ বান প্রভাবিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা ২৫ৰ পৰা ৩০ আগষ্টলৈ ৰাজস্থান আৰু গুজৰাটত হোৱা গভীৰ চাপৰ ফলত ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতি কৰে। মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰো বিভিন্ন অঞ্চলত হোৱা মজলীয়া তথা ধাৰাষাৰ বৰষুণে ব্যাপক ক্ষয়ক্ষতি কৰে। চলিত বছৰত হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ তথা ভূমিস্খলন হয়। গৃহমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি সংশ্লিষ্ট ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ ক্ষয়ক্ষতিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহৰ বাবে আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় গোট গঠন কৰা হ’ব। মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰিছে যে প্ৰভাৱিত ৰাজ্যসমূহলৈ সম্ভাব্য সকলো সহায় আগবঢ়োৱাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। চলিত বৰ্ষত গৃহমন্ত্ৰ্যালয়ে গঠন কৰা আই এম চি টি গোটে অসম, কেৰালা, মিজোৰাম আৰু ত্ৰিপুৰাৰ বান প্রভাবিত তথা ভূমিস্খলন হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতি মূল্যায়ন কৰে। নাগালেণ্ডৰ বাবেও আই এম চি টি গঠন কৰা হৈছে। এই গোটে অতি শীঘ্ৰে ৰাজ্যখনৰ প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব।

অধিক পঢ়ক

সকলো চাওক