গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি জন্ম বার্ষিকী। সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। ১৯৬৫ চনৰ পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাই ১৯৭২ চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে । ১৯৭৪ চনৰ পাছত তেওঁ আকাশবাণীত কম্পোজাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্রযোজক আৰু শেষত উত্তৰ-পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে ২০০১ চনৰ ৩১ ডিচেম্বৰত অসৱৰ লয়। ১৯৬০ চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিষ্ণু প্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, যুগল দাসৰ হাৰমণি দলৰ এজন সক্রিয় সদস্যৰূপে ৰাজ্যজুৰি শান্তিৰ হকে তেওঁ গীত পৰিৱেশন কৰিছিল। কাউৰী পৰে, মা আমি শদিয়ালৈ যামেইকে ধৰি কেইবাটিও কালজয়ী গীতেৰে অসমৰ সংগীত ক্ষেত্ৰখনক তেখেতে সমৃদ্ধ কৰি গৈছে। ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা লোকগীতসমূহ ৰাইজলৈ আগবঢ়াই দিয়াৰ লগতে বিহু গীতসমূহৰ প্ৰসাৰ আৰু সংৰক্ষণত তেখেতৰ বিশেষ অৰিহণা আছিল।
Site Admin | August 17, 2024 11:05 AM
গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি জন্ম বার্ষিকী
