গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত দিৱস, ২০২৪ কার্যসূচীত প্রধানমন্ত্ৰী মোদীৰ অংশগ্রহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ১৫৫ সংখ্যক গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত দিৱস, ২০২৪ কার্যসূচীত অংশগ্রহণ কৰে। স্বচ্ছতাৰ বাবে অন্যতম উল্লেখযোগ্য গণ আন্দোলন স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ আজি ১০ বছৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অনাময় আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ সৈতে জড়িত ৯ হাজাৰ ৬০০ কোটি টকাৰ অধিক মূল্যৰ কেইবাটাও প্রকল্প শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত আমৰুৰ্ট আৰু আমৰুট ২.০ৰ অধীনত প্ৰকল্প, স্বচ্ছ গংগাৰ বাবে ৰাষ্ট্ৰীয় অভিযান আৰু গোৱৰ্দ্ধন আঁচনিৰ অধীনত ১৫টা সংকুচিত বায়’গেছ প্রকল্প অন্যতম।


আনহাতে, স্বচ্ছতাই সেৱা ২০২৪ শীৰ্ষক পষেকীয়া কাৰ্যসূচীৰ সামৰণি উপলক্ষে গোলাঘাট জিলাৰ কাজিৰঙা সন্মিলন কেন্দ্ৰত স্বচ্ছ ভাৰত দিৱসৰ অনুষ্ঠানত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক