গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ বিমানসেৱা আজি আৰম্ভ হয়। হিন্দন বিমান বন্দৰৰ পৰা জম্মুলৈ পুৱা ৯-৩০ বজাত প্ৰথমখন বিমানে উৰণ আৰম্ভ কৰে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে এতিয়া এন চি আৰৰ পৰা বৈষ্ণুদেৱী মন্দিৰলৈ যোৱাটো সহজ হৈ উঠিব। এতিয়াৰে পৰা জম্মুত উপস্থিত হোৱাৰ বাবে যাত্ৰীসকলে দিল্লী বিমান বন্দৰত যোৱাৰ প্ৰয়োজন নহ’ব। যাত্ৰীসকলে এন চি আৰৰ পৰা বিমানযাত্ৰাৰ অন্য এটা বিকল্প লাভ কৰিলে। জম্মুৰ পৰা হিন্দনলৈ অহা বিমানে দুপৰীয়া এক বজাত উৰণ আৰম্ভ কৰি দিনৰ আঢ়ৈ বজাত হিন্দনত উপস্থিত হ’ব। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ সন্থাই গাজিয়াবাদ হিন্দন আৰু জম্মুৰ মাজত সপ্তাহত শনিবাৰৰ বাহিৰে আন ছটা দিনত বিমান সেৱাৰ ব্যৱস্থা কৰিছে। এই পদক্ষেপৰ জৰিয়তে যাত্রীসকলে দিনৰ চাৰে এঘাৰ বজাত জম্মুত উপস্থিত হোৱাৰ উপৰি দুপৰীয়া এক বজাত জম্মুৰ পৰা হিন্দনলৈ উভতনি যাত্ৰা কৰিব পাৰিব।
Site Admin | March 23, 2025 8:09 PM | Jammu Airlines
গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ বিমানসেৱা আৰম্ভ
