গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক’ৰিড’ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতাঃ বেঞ্জামিন নেতানাহু

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৱে কৈছে যে, গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক’ৰিড’ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতা আৰু দেশখনৰ বাবে অপৰিহাৰ্য্য। শ্ৰী নেতানাহুৱে এটা বিবৃতি যোগে ইজৰাইলৰ বাবে যুদ্ধ লক্ষ্যত উপনীত হোৱাৰ দিশৰ পৰা ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভূমি ভাগ গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। ফিলাডেল্‌ফ ক’ৰিড’ৰেৰে হামাছক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে যোৱা সপ্তাহত গাজা সুৰংগত ছগৰাকী পনবন্দীক হত্যা কৰাৰ বাবে হামাছে পৰিনাম ভোগ কৰিব লাগিব বুলি সকীয়াই দিছে। ইপিনে ইজৰাইলৰ হাজাৰ হাজাৰ লোকে পণবন্দীসকলক নিৰাপদে উদ্ধাৰ কৰাৰ বাবে হামাছৰ সৈতে যুদ্ধ বিৰতি সম্পর্কে আলোচনা কৰিবলৈ দাবী জনাই দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক