ডাউনলোড
মোবাইল এপ

android apple
signal

গাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু অধিক আৰামদায়ক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছেঃ শিৱৰাজ সিং চৌহান

গাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু অধিক আৰামদায়ক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি গ্ৰামীণ উন্নয়ণ মন্ত্রী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে। এই পদক্ষেপসমূহে দেশৰ অৰ্থনীতিত এটা নতুন গতি প্ৰদান কৰিছে। আজি নতুন দিল্লীত এছিয়ান আফ্রিকান গ্রামোন্নয়ন সংস্থা, AARDO ৰ কাৰ্যকৰী কমিটিৰ ৭৭সংখ্যক অধিৱেশন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। ভাৰতে AARDO ৰ জৰিয়তে জ্ঞান,কাৰিকৰী বিশেষজ্ঞতা,সফল নীতি আৰু কাৰ্যসূচীৰ আদান প্রদান অব্যাহত ৰাখিব বুলি শ্ৰী চৌহানে আশ্বাস প্রদান কৰে৷ ভাৰতে AARDO ক প্ৰদান কৰা অদম্য সমৰ্থন আৰু সহায়ৰ জৰিয়তে গ্রাম্য সমাজক সৱলীকৰণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চয়তা আইন, প্রধানমন্ত্রী গ্রামীণ পথ যোজনা, এজোপা গছ মাতৃৰ নামত অভিযান,লাখপতি বাইদেউ যোজনাৰ দৰে আঁচনি আৰু পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰী চৌহানে কয় যে পূৰ্বে খাদ্যৰ বাবে ভাৰতে আন দেশৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও আজি দেশখনে কেৱল খাদ্য উৎপাদনত স্বাৱলম্বী হোৱাই নহয় আন দেশসমূহকো সহায় কৰিছে। ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ জৰিয়তে প্রায় ১০ কোটি মহিলাক ৯০ লাখ আত্মসহায়ক গোটত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁলোকক ৫০ হাজাৰ কোটিৰো অধিক আর্থিক সাহায্য প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত প্রায় ১ কোটি ২৫ লাখ মহিলাই লাখপতি বাউদেউ হ’বলৈ সক্ষম হৈছে বুলিও শ্ৰী চৌহানে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক