ডাউনলোড
মোবাইল এপ

android apple
signal

March 21, 2025 9:56 AM | PM Modi

printer

গাঁওসমূহক বিকশাই তোলাৰ আৱশ্যকতাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত নিৰ্মাণৰ প্ৰথম খোজ হিচাপে গাঁওসমূহক বিকশাই তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। গুজৰাটৰ ভৰৱাড় সমাজৰ সৈতে জড়িত বাৱলিয়লি ধাম অনুষ্ঠানত ভিডিঅ’ কন্সফাৰেন্সিং ব্যৱস্থাৰে ভাষণ দি শ্রীমোদীয়ে কালি বিষয়টোত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে ভাষণত সমূহীয়া প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰে আৰু লালকিল্লাৰ পৰা দিয়া বিবৃতিৰ বিষয়ে উল্লেখ কৰি সকলোৰে প্ৰচেষ্টাক দেশৰ মহান শক্তি বুলি দোহাৰে। তেওঁ লগতে আধুনিকতাৰ মাধ্যমেৰে সম্প্ৰদায়সমূহক সবল কৰি তোলাৰ বাবে শিক্ষাৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ভৰৱাড় সমাজৰ শিশুসকলক বিশেষকৈ কন্যাসকলক শিক্ষাৰ ক্ষেত্ৰত উৎকর্ষতা সাধন কৰি এখন শক্তিশালী সমাজ গঢ়াৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে সেৱাৰ প্ৰতি নিষ্ঠা, প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু গো সংৰক্ষণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে সম্প্রদায়টোক ভূয়সী প্রশংসা কৰে। চবকা জাতীয় ভৰি আৰু মুখৰ ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে ৰূপায়ণ কৰা বিনামূলীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰি শ্রীমোদীয়ে সম্প্রদায়টোক তেওঁলোকৰ গৰু-মহৰ নিয়মীয়া প্ৰতিষেধক নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে চৰকাৰে পশুপালকসকলৰ বাবে কিষাণ ক্রেডিট কার্ড প্রণয়ন কৰিছে আৰু ইয়াৰ ফলত পশুপালকসকলে ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে কম সূদৰ হাৰত ঋণ লাভ কৰিবলৈ সমৰ্থ হৈছে। পশুধনৰ থলুৱা প্ৰজাতিৰ সংৰক্ষণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় গোকুল অভিযানক এনে প্ৰজাতিৰ সংৰক্ষণ আৰু বিকাশৰ গুৰুত্বপূৰ্ণ উদ্যম আখ্যা দিয়ে। তেওঁ সম্প্রদায়টোক এনে উদ্যমসমূহৰ পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্রীমোদীয়ে প্রাকৃতিক খেতিত গুৰুত্ব আৰোপ কৰে আৰু মাটিৰ পুনৰুজ্জ্বিৱীতকৰণৰ বাবে এই ব্যৱস্থা আঁকোৱালি ল’বলৈ ভৰৱাড় সমাজৰ প্ৰতি আহ্বান জনায়। ঐতিহাসিক মহাকুম্ভৰ সৈতে জড়িত অপাৰ আনন্দ আৰু গৌৰৱৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই পৱিত্ৰ উপলক্ষ্যত মহন্ত শ্ৰীৰাম বাপুজীক মহামণ্ডলেশ্বৰ উপাধিৰে বিভূষিত কৰাৰ কথা স্মৰণ কৰে। তেওঁ ইয়াক অভূতপূৰ্ব সাফল্য আৰু সকলোৰে বাবে আনন্দৰ উৎস আখ্যা দিয়ে।

অধিক পঢ়ক

সকলো চাওক