ডাউনলোড
মোবাইল এপ

android apple
signal

January 14, 2025 8:08 PM | Republic Day 2025

printer

গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত

বিভিন্ন ভোগালী বিহুৰ সমান্তৰালভাৱে সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্ৰশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্ল’গান লিখা প্রতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্রতিযোগিতা প্রথমে বিদ্যালয় পৰ্যায়ত, ইয়াৰ পাছত খণ্ড পৰ্যায়ত আৰু শেষত জিলা ভিত্তিত অনুষ্ঠিত হ’ব। প্রতিযোগিতাৰ বিজয়ীসকলক গণৰাজ্য দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ’ব। তিনিচুকীয়াৰ বৰগুৰি আই টি আই খেলপথাৰত হ’বলগীয়া গণৰাজ্য দিৱসৰ মূল কুচ-কাৱাজ অনুষ্ঠানত কেইবাটাও বিভাগৰ পৰা সামাজিক বার্তাবাহক প্রতীকপট প্রদর্শন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনে কাৰাগাৰৰ আৱাসী, চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগী আৰু বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ মাজত ফল-মূল আদি বিতৰণ কৰিব।

অধিক পঢ়ক

সকলো চাওক