ডাউনলোড
মোবাইল এপ

android apple
signal

January 21, 2025 11:21 AM | J&K Security

printer

গণৰাজ্য দিৱস উপলক্ষে জম্মু-কাশ্মীৰত কটকটীয়া নিৰাপত্তা বেষ্টনী

জম্মু-কাশ্মীৰত গণৰাজ্য দিৱস উপলক্ষে সন্ত্রাসবাদী কার্যকলাপ ৰোধ কৰাৰ লগতে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে, গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানটো উপ- ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্রী ওমৰ আব্দুল্লাৰ উপস্থিতিত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ সমীপত তালাচী অভিযান বৃদ্ধি কৰা হৈছে। বিভিন্ন সংস্থাসমূহৰ মাজত সমন্বয় নিশ্চিত কৰিবলৈ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে স্পৰ্শকাতৰ সীমান্ত অঞ্চলত নিৰাপত্তাৰ ব্যৱস্থাসমূহ নিৰীক্ষণ কৰি আছে। নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত স্থান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ ড্র’ন আৰু চিচি কেমেৰাকে ধৰি উন্নত প্ৰযুক্তিৰ সহায়ত নিৰীক্ষণ কৰি থকা হৈছে। জিলা সদৰসমূহত গণৰাজ্য দিৱস উদযাপনৰ বাবে বিস্তৃত নিৰাপত্তা পৰিকল্পনা যুগুত কৰিবলৈও উপাযুক্তসকলক নির্দেশ দিয়া হৈছে। জম্মু আৰু অঞ্চলটোৰ অন্যান্য জিলাসমূহতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰী আৰু কেবিনেট মন্ত্রী জাভিদ আহমদ দাৰ, সকিনা ইট্টু, সতীশ শৰ্মা, আৰু জাভেদ ৰাণাই ক্ৰমে শ্ৰীনগৰ, বাৰামুল্লা, অনন্তনাগ, কাঠুৱা, আৰু উধমপুৰ জিলাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক