ডাউনলোড
মোবাইল এপ

android apple
signal

গণৰাজ্য দিৱসৰ প্ৰস্তুতিঃ কুচকাৱাজৰ সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি

গণৰাজ্য দিৱসৰ প্ৰস্তুতি হিচাপে অসম আৰক্ষীয়ে গুৱাহাটীৰ লতাশিল আৰু পানবজাৰ অঞ্চলৰ বিভিন্ন পথেৰে কাইলৈ বিয়লি প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজৰ আয়োজন কৰিছে। কুচকাৱাজৰ এই সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি লতাশিল খেলপথাৰৰ পৰা কুচকাৱাজ আৰম্ভ হোৱাৰ পাছত এম জি পথেৰে ভৰলুমুখৰ পৰা অহা সকলো বাহনে তাৰকাগৃহ পইণ্ট অভিমুখে যাব লাগিব। কুচকাৱাজে তৈয়বুল্লা পথ অতিক্ৰম কৰাৰ পাছত এই বাধা নাথাকিব। কুচকাৱাজ জিলা পুঁথিভঁৰাল অভিমুলখে অগ্ৰসৰ হোৱাৰ পাছত এ টি ৰোডৰ পৰা জি এন বি ৰোডেৰে পানবজাৰলৈ অহা বাহনসমূহ এ আৰ বি পথ হৈ আৰক্ষী আয়ুক্ত পইণ্টৰ দিশে যাব পাৰিব। কে এল বি পথেৰে কুচকাৱাজ অগ্ৰসৰ হোৱাৰ সময়ত টি চি পইণ্টৰ দিশৰ পৰা জি এন বি পথেৰে অহা বাহনসমূহে জিলা পুঁথিভঁৰাল পইণ্টত দিশ সলনি কৰি ৰিজাৰ্ভ বেংকৰ দিশে যাব পাৰিব। ভৰলুমুখৰ ফালৰ পৰা অহা বাহনসমূহৰ দিশ কটন কলেজিয়েট পথত সলনি কৰি এইছ বি পথেৰে যাব পাৰিব। জিলা পুঁথিভঁৰালৰ দিশৰ পৰা অহা বাহনসমূহ এইছ বি পথেৰে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ দিশে যাব পাৰিব। আনহাতে, ৰাজভৱন-উজান বজাৰৰ পৰা অহা বাহনসমূহে তাৰকাগৃহ পইণ্টত গতিপথ সলাই লেম ৰোড হৈ আমবাৰীৰ দিশে যাব পাৰিব।

অধিক পঢ়ক

সকলো চাওক