ডাউনলোড
মোবাইল এপ

android apple
signal

গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ অধিসূচনা বাতিল কৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে। এটা প্রকৃতিপ্রেমী স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে তিনি সপ্তাহৰ ভিতৰত চৰকাৰক এই সন্দৰ্ভত সবিশেষ শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ২০২২ চনৰ ২৮ মে’ত ৰাজ্য চৰকাৰে গড়ভঙাৰ ১১৭ বর্গ কিলোমিটাৰ এলেকা সামৰি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে অধিসূচনা জাৰি কৰিছিল। ইয়াৰ পাছত ২০২৩ চনৰ ২৬ ছেপ্তেম্বৰত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে পূৰ্বৰ অধিসূচনা বাতিল কৰে। এই বিষয়টো শেহতীয়াকৈ পোহৰলৈ অহাত চিটিজেন ফ’ৰাম ফৰ গ্ৰীণ গুৱাহাটী নামৰ সংগঠনটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে। আবেদনত তেওঁলোকে ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত বাতিলৰ আহ্বান জনায়। গোচৰটোৰ শুনানি গ্ৰহণ কৰি কালি উচ্চ ন্যায়ালয়ে সমগ্র বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক