ডাউনলোড
মোবাইল এপ

android apple
signal

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

অসমৰ ক্ৰীড়া ইতিহাসৰ সবাতোকৈ বৃহৎ ক্রীড়া প্রতিযোগিতা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ কালিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে। তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্রতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্রহণ কৰা এই প্রতিযোগিতাত ৭টা শাখাত প্রায় ৬৪ লাখ প্রতিযোগীয়ে অংশগ্রহণ কৰিছে। খেল মহাৰণ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্রীগৰাকীয়ে কয়, যে এই পদক্ষেপে অসমৰ বিশাল ক্রীড়া সম্ভাৱনা বৃদ্ধিৰ লগতে ক্রীড়া সংস্কৃতি বিকাশত পুনৰ এক নতুনত্বৰ সূচনা কৰিব।
আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জিলাখনত আজিৰে পৰা খেল মহাৰণ দ্বিতীয়ৰ পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে বুলি জনাইছে। জিলাখনত চুকে-কোণে থকা প্ৰতিভাসম্পন্ন খেলুৱৈসকলক উলিয়াই অনাৰ বাবে জিলা প্রশাসনে চেষ্টা চলাব। এই প্রতিযোগিতাত জিলাখনৰ প্ৰায় আঢ়ৈ লাখ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আজিৰে পৰা আৰম্ভ হোৱা পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অহা ২২ নৱেম্বৰলৈ চলিব।
ইপিনে উপ-নির্বাচন উপলক্ষে নির্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা নগাঁও, বিশ্বনাথ, বঙাইগাঁও, চিৰাং আৰু কাছাৰ জিলাত অনুষ্ঠিত হ’বলগীয়া জি পি, ইউ এল বি, ৱাৰ্ড, ভি চি ডি চি আৰু এম এ চি পৰ্যায়ৰ প্রতিযোগিতাসমূহ অহা ১৬ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক