ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্রতিযোগিতাত কামৰূপ জিলাই ৪৯ পইণ্টেৰে দ্বিতীয়বাৰলৈ এথলেটিক্ছ শাখাত শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰিছে। কামৰূপ মহানগৰ জিলাই ৪৪ পইণ্টেৰে দ্বিতীয় আৰু ডিব্ৰুগড়ে ২৫ দশমিক ৫ পইণ্টেৰে তৃতীয় শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত ল’ৰাৰ ১৭ বছৰ অনুৰ্ধৰ শাখাত কামৰূপ জিলাৰ মহর্ষি তনবীৰ বৰাই সোণৰ পদক, ২০০ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে দীপা দাসে লং জাম্পত ৰূপৰ পদক, জুনু বেগমে ১০০ মিটাৰ দৌৰত সোণ আৰু ২০০ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছে। ধৃতিমা উজিৰে ৪০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছে। ১৭ বছৰ ঊৰ্ধৰ ছোৱালী শাখাত ডিম্পী মেধিয়ে সোণৰ পদক অৰ্জন কৰে। শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰা দলটিক ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গালোছাই বঁটা প্ৰদান কৰে।
প্রতিযোগিতাত ডিব্ৰুগড় জিলাই কাবাডীৰ ল’ৰাৰ ১৬ বছৰ অনুৰ্থ শাখাত বিজয়ীৰ খিতাপ দখল কৰিছে। ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ল’ৰাৰ ১৬ বছৰ অনুৰ্ধৰ ফাইনেলত বিজয়ী ডিব্ৰুগড়ে দঙক ৩৬-২২ ত পৰাস্ত কৰে।
মুঠ ৭ হাজাৰ ৯৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক স্তৰৰ এই প্রতিযোগিতাসমূহ কাইলৈ সামৰণি পৰিব।
Site Admin | April 5, 2025 12:40 PM | Khel Maharan
খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্রতিযোগিতাত কামৰূপ জিলাৰ শ্ৰেষ্ঠ খিতাপ দখল
