ডাউনলোড
মোবাইল এপ

android apple
signal

খেতি পথাৰৰ নৰা জ্বলোৱাৰ ফলত উদ্ভৱ হোৱা বায়ু প্ৰদূষণ ৰোধৰ হকে পূর্বে দিয়া নির্দেশ অমান্য কৰাৰ বাবে হাৰিয়ানা আৰু পঞ্জাৱ চৰকাৰক উচ্চতম ন্যায়ালয়ৰ সমালোচনা

উচ্চতম ন্যায়ালয়ে খেতি পথাৰৰ নৰা জ্বলাই দিয়াৰ ফলত উদ্ভৱ হোৱা বায়ু প্ৰদূষণ ৰোধ কৰাৰ হকে পূর্বে দিয়া নির্দেশ অমান্য কৰাৰ বাবে হাৰিয়ানা আৰু পঞ্জাৱৰ চৰকাৰক সমালোচনা কৰিছে। ন্যায়াধীশ অভয় এছ অকাৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে এই নিৰ্দেশ অমান্য কৰা লোকসকলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণত অপৰাগতা প্ৰদৰ্শন কৰা কৰা হাৰিয়ানাৰ চৰকাৰী বিষয়াসকলৰ সৈতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বায়ু মান ব্যৱস্থাপনা আয়োগ, CAQM-ক নির্দেশ দিছে। আয়োগৰ নিৰ্দেশাৱলী পালন নকৰা বিষয়টোৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে নির্দেশ উলংঘনকাৰীসকলক শাস্তি বিহাৰ বাবে এসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। আনহাতে এই বিষয়টোৰ সন্দৰ্ভত নিজৰ স্থিতি ব্যক্ত কৰাৰ বাবে হাৰিয়ানা চৰকাৰৰ মুখ্য সচিবক অহা ২৩ অক্টোবৰত আদালতত হাজিৰ হ’বলৈ উচ্চতম ন্যায়ালয়ে চমন জাৰি কৰিছে। একেদৰে পঞ্জাৱৰ মুখ্য সচিবকো অহা বুধবাৰে আদালতত হাজিৰ হৈ এই নিৰ্দেশৰ উলংঘন তথা সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত অপৰাগতাৰ বিষয়ে ব্যাখ্যা কৰিবলৈ সর্বোচ্চ ন্যায়ালয়খনে নির্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক