ডাউনলোড
মোবাইল এপ

android apple
signal

March 19, 2025 6:34 PM | Akashvani News

printer

খুলদাবাদত উৰা বাতৰিত বিশ্বাস নকৰিবলৈ মহাৰাষ্ট্ৰৰ চত্ৰপতি শম্ভাজী নগৰৰ জিলাধিপতি দিলীপ স্বামীৰ আহ্বান

মহাৰাষ্ট্ৰৰ চত্ৰপতি শম্ভাজী নগৰৰ জিলাধিপতি দিলীপ স্বামীয়ে খুলদাবাদত আইন-শৃংখলা আৰু শান্তি সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ সুৰক্ষা ব্যৱস্থাৰ ব্যাপক পৰ্যালোচনা কৰে। তেওঁ জিলাখনত শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ স্বাৰ্থত কোনোধৰণৰ উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আৰু প্ৰশাসনৰ সৈতে সহযোগ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। জিলাধিপতিগৰাকীয়ে যিকোনো ধৰণৰ সন্দেহজনক কার্যকলাপৰ প্ৰতি সম্পূৰ্ণ সষ্টম হৈ থকাৰ লগতে এনেধৰণৰ কাৰ্যকলাপৰ সম্ভেদ পালে, ততালিকে আৰক্ষীক খবৰ দিবলৈ বিষয়াসকলক নির্দেশ দিছে। এইক্ষেত্ৰত বিভিন্ন বিভাগৰ মাজত সহযোগিতা তথা সমন্বয়ৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰি শ্ৰী শ্বামীয়ে প্ৰমাণিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক