September 3, 2024 5:44 PM | Akashvani | Sivasagar

printer

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সঁজাতি দলৰ শিৱসাগৰ ভ্ৰমণ

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ এটা সঁজাতি দলে আজি শিৱসাগৰ ভ্ৰমণ কৰে। সংগঠনটোৰ সভাপতি ইছলামুল হক মণ্ডলৰ নেতৃত্বত অহা ৪ জনীয়া দলটোৱে আজি এখন সংবাদমেল সম্বোধন কৰি দেশী, গৰিয়া-মৰিয়া, চৈয়দ আৰু জলহা খিলঞ্জীয়া মুছলমানসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। সজাতি দলটোৱে উজনিলৈ কাম কৰিবলৈ যোৱা দেশী শ্রমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে বীৰ লাচিত সেনা, সদৌ অসম টাই-আহোম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। সংগঠনসমূহৰ শীৰ্ষ নেতৃত্বই অসমৰ ভূমি পুত্ৰ দেশী জনগোষ্ঠীৰ সহযোগ কৰা আৰু উজনি অসমলৈ কাম কৰিবলৈ যোৱা দেশী শ্রমিকসকলক সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

অধিক পঢ়ক

সকলো চাওক