ডাউনলোড
মোবাইল এপ

android apple
signal

খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিং সন্ধু ওৰফে লাণ্ডাৰ ঘনিষ্ঠ সহযোগী গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে এটা সন্ত্রাসবাদী নেটৱৰ্কক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা গোচৰ সংক্ৰান্তত খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিং সন্ধু ওৰফে লাণ্ডাৰ এজন ঘনিষ্ঠ সহযোগীক গ্ৰেপ্তাৰ কৰিছে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে কালি মধ্যপ্ৰদেশৰ বাদৱানী জিলাৰ পৰা বলজিৎ সিঙক গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৰ মতে বলজিৎ সিঙ পাঞ্জাবত লাণ্ডাৰ এজেণ্টক অন্যতম অস্ত্ৰ-শস্ত্ৰ যোগানকাৰী বুলি গণ্য কৰা হয়। এই অস্ত্ৰ-শস্ত্ৰসমূহ ডাঙৰ ব্যৱসায়ীৰ পৰা বলপূর্বকভাবে ধন আদায়কে ধৰি ব্যাপক সন্ত্ৰাসবাদী কার্যকলাপত ব্যৱহাৰ কৰা হৈছিল। বলজিৎ সিঙে খালিস্তানী সন্ত্রাসবাদী সত্ত্বাম সিঙ সত্তাকো অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল বুলি তদন্তকাৰী সংস্থাটোৱে সদৰী কৰিছে। সংস্থাটোৱে ইয়াক পাঞ্জাব আৰু অন্য স্থানত হিংসাত্মক কার্যকলাপৰ জৰিয়তে দেশক অস্থিৰ কৰি তুলিব বিচৰা বিভিন্ন নিসিদ্ধ ঘোষিত খালিস্তানী সন্ত্রাসবাদী সংগঠনৰ ষড়যন্ত্ৰ আখ্যা দিছে। এন আই এয়ে কৈছে যে লাণ্ডা আৰু চত্তা উভয়ে বিদেশৰ পৰা দেশত সন্ত্ৰাসবাদ বিয়পোৱাৰ ঘটনাত জৰিত থকা বুলি সন্দেহ কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক