ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 11:09 AM | Amit Shah

printer

কৰ্মসংস্থাপনৰ সুযোগ আৰু প্ৰতিটো পৰিয়ালক সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ দ্বাৰা সম্ভৱ বুলি কেন্দ্ৰীয় সমবায় মন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে সকলো লোককে নিজৰ সামৰ্থ অনুসৰি কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা আৰু প্ৰতিটো পৰিয়ালকে সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ জৰিয়তেহে সম্ভৱ বুলি প্ৰকাশ কৰিছে। যোৱা তিনিটা বছৰত কেন্দ্ৰীয় চৰকাৰে সমবায় বিপ্লবক বিশেষ গুৰুত্ব দিয়াৰ পৰিপ্ৰেক্ষিতত এই খণ্ডটোৱে গতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে। পুনেত কালি জনতাসহকাৰী বেংকৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে মোদী চৰকাৰে দেশৰ সমবায় খণ্ডক বিপণনযোগ্য কৰি তুলিছে। তেওঁ লগতে কেন্দ্ৰীয় পঞ্জীয়ন সমবায় সমিতিৰ প্ৰথমটো আঞ্চলিক কার্যালয় পুনেত মুকলি কৰা হ’ব বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে সমগ্ৰ দেশৰ সমবায় বেংকসমূহৰ আৰ্থিক অসুবিধাসমূহ দূৰ কৰাত সহায় কৰাৰ বাবে এটা বিশেষ সংস্থা গঢ় দিয়া হৈছে। শ্ৰী শ্বাহে কয়, যে সমবায়সমূহে নতুন প্রযুক্তিক আদৰি ল’লে ইয়াৰ ক্ৰমবৰ্ধমান বিকাশ সাধন হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে পুনেত অনুষ্ঠিত পশ্চিম মাণ্ডলিক পৰিষদৰ ২৭ সংখ্যক বৈঠকতো অধ্যক্ষতা কৰে। শ্ৰী শ্বাহে সমবায় শিক্ষাক শক্তিশালী কৰাৰ উদ্দেশ্যে এখন সমবায় বিশ্ববিদ্যালয় বিধেয়কৰ কথা উল্লেখ কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফার্নাবিছ, উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দেৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক