কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় পর্যালোচনা বৈঠকত শ্রম সচিব সুমিত্ৰা দাওৰাৰ অধ্যক্ষতা

শ্রম সচিব সুমিত্ৰা দাওৰাই আজি কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে পর্যালোচনা বৈঠকত সামাজিক নিৰাপত্তাৰ সম্প্ৰসাৰণ আৰু জীৱন ধাৰণ তথা ব্যৱসায় সূচল কৰি তোলাৰ বাবে নতুন উদ্যমৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰা হয় । মন্ত্ৰালয়ে দ্রুত দাবী নিষ্পত্তিৰ বাবে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই ৰোগ, শিক্ষা, বিবাহ আৰু গৃহ নিৰ্মাণৰ বাবে ১ লাখ টকা পর্যন্ত অগ্রিম ধনৰাশিৰ স্বয়ংক্রিয় নিষ্পত্তি ব্যৱস্থা কাৰ্যকৰী কৰিছে। এই ব্যৱস্থাৰে প্ৰায় ২৫ লাখ অগ্রিম দাবী আৰু ৫০ শতাংশৰো অধিক ৰোগ সম্পৰ্কীয় দাবী নিষ্পত্তি কৰা হৈছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে৷ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে কৈছে যে এই ব্যৱস্থাৰ ফলত দাবী নিষ্পত্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে আৰু তিনিদিনৰ ভিতৰতে এনে ভালেসংখ্যক দাবী নিষ্পত্তি কৰিব পৰা গৈছে। পর্যালোচনা বৈঠকত মোকদমা ব্যৱস্থাপনা আৰু হিচাপ-নিকাচ পৰীক্ষা পৰিচালনাৰ সংস্কাৰৰ বিষয়েও আলোচনা কৰা হয়। মন্ত্ৰ্যালয়ে কৈছে যে শ্রম সচিব সুমিত্রা দাওৰাই কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ প্ৰণালীগত সংস্কাৰৰ সক্ৰিয় পদক্ষেপসমূহ অব্যাহত ৰখাৰ পৰামৰ্শ আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক