কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে। সার্বজনীন একাউণ্ট নম্বৰ আধাৰৰ জৰিয়তে সংযুক্ত কৰি বৈধ বিবেচিত সদস্যসকলে নিজৰ তথ্য যেনে জন্মৰ তাৰিখ, লিংগ, ৰাষ্ট্ৰীয়তা, পিতৃ-মাতৃৰ নাম, চাকৰিত যোগদান আৰু অৱসৰৰ তাৰিখ আদি তথ্যৰ প্ৰতিলিপি দাখিল নকৰাকৈ উন্নীত কৰিব পাৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ব্যৱস্থাই আবেদন বিবেচনাধীন হৈ ৩ লাখ ৯০ হাজাৰ সদস্যক উপকৃত কৰিব। মন্ত্ৰ্যালয়ে লগতে কয়, যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ তথ্য ভাণ্ডাৰত সংগৃহীত সদস্যসকলৰ ব্যক্তিগত তথ্যসমূহৰ শুদ্ধতা আৰু সামঞ্জস্য ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰাহে নিয়াৰিকৈ সেৱা প্ৰদান কৰাটো সম্ভৱ হৈ উঠে। অৱশ্যে ২০১৭ চনৰ ১ অক্টোবৰৰ পূৰ্বে সাৰ্বজনীন একাউণ্ট নম্বৰ লাভ কৰা সকলৰ তথ্য উন্নীতকৰণৰ ক্ষেত্ৰত নিয়োগকৰ্তাৰ দ্বাৰা প্ৰত্যায়িতকৰণ নাইবা প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰয়োজন হ’ব বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে।
Site Admin | January 19, 2025 8:36 PM | EPFO
কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰিছে
