কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্যসভাত চমু আলোচনা

ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। বিজেপিৰ সুধাংশু ত্রিবেদী এই আলোচনা আৰম্ভ কৰি এনে ঘটনা অপৰাধমূলক অৱহেলা হিচাপে অভিহিত কৰি বিষয়টো সন্দৰ্ভত বিশদ তদন্তৰ দাবী জনায়। তেওঁ লগতে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়। ত্রিবেদীয়ে লগতে নিৰ্মাণৰ ক্ষেত্ৰত আইন প্রনয়ণ কৰাৰ পাছতো নলা নৰ্দমা পৰিস্কাৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। দিল্লী চৰকাৰক প্ৰশ্ন কৰি তেওঁ লগতে কয় যে, দিল্লী জলবোৰ্ডৰ ঘাটি ৭৪ হাজাৰ কোটিলৈ বৃদ্ধি পাইছে আৰু বোৰ্ডৰ বিৰুদ্ধে ভালেমান দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। তেওঁ লগতে চৰকাৰী এজেন্সিৰ জৰিয়তে নগৰৰ নলা নৰ্দমা পৰিস্কাৰ কৰা ক্ষেত্ৰত কিমান ধন খৰছ কৰা হৈছে সেই সম্পর্কেও প্রশ্ন উত্থাপন কৰে। এই দুখজনক ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰা কোনো ধৰণৰ মন্তব্য লাভ কৰা নাই বুলিও তেওঁ কয়। শ্ৰীত্রিবেদীয়ে দিল্লী চৰকাৰক প্ৰয়োজনীয় মান বৰ্তাই ৰাখি চলাই থকা কোচিং চেণ্টাৰসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈও আহ্বান জনায়।

Read Now: 

তৃণমূল কংগ্ৰেছৰ দেকে অবৰেইনেও এই ঘটনা সন্দৰ্ভত উদ্বেগ প্রকাশ কৰে। তেওঁ লগতে সদনত কিয় মণিপুৰৰ হিংসা, নীট পৰীক্ষা, ৰেল দুৰ্ঘটনা, অসমৰ বান পৰিস্থিতিৰ লগতে কৃষক তথা নিবনুৱা সমস্যাৰ দৰে বিষয়সমূহ উত্থাপন কৰিবলৈ দিয়া হোৱা নাই সেই সম্পর্কেও প্রশ্ন তোলে। সমগ্র দেশতে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ বিষয়টোও তেওঁ সদনত উত্থাপন কৰে। ডি এম কেৰ তিৰুশী শিৱাইও এই বিষয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে এই বিষয় সন্দৰ্ভত হস্তক্ষেপ কৰি কয় যে, এই ক্ষেত্ৰত অৱহেলা কৰা হৈছে আৰু ইয়াৰ বাবে দায়ী লোকসকলক জবাবদিহি কৰিব লাগে। কোচিং চেণ্টাৰসমূহৰ নিয়ন্ত্ৰণ সন্দৰ্ভত যোৱা জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল বুলি উল্লেখ কৰি শ্ৰীপ্ৰধানে কয় যে এই নীতি নিয়মসমূহ ভালদৰে পালন কৰা হলে এনে ধৰণৰ দুখজনক ঘটনা কেতিয়াও নঘটিলহেতেন। আম আদমী পাৰ্টীৰ স্বাতি মালিৱালে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলে অসামৰিক সেৱাৰ সৈতে জড়িত হোৱাৰ আশাত দিল্লীৰ কোচিং চেণ্টাৰসমূহত নামভৰ্তি কৰেহি বুলি উল্লেখ কৰি কয় যে এনে ধৰণৰ চেণ্টাৰসমূহ এতিয়া ৰাষ্ট্ৰীয় ৰাজধানীত কাঠফুলাৰ দৰে বিয়পি পৰিছে। তেওঁ শেহতীয়া ঘটনা সন্দৰ্ভত দায়ী লোকসকলৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। দিল্লী চৰকাৰে নিহত যুৱক কেইজনৰ প্ৰত্যেকৰে পৰিয়ালক এক কোটি টকাকৈ ক্ষতিপূৰণ দিব বুলি জানিবলৈ দিয়ে। এই বিতৰ্কত ভাগ লৈ এ আই এ ডি এম কে ধমবি ডুৰাই কোচিং চেণ্টাৰসমূহ নিৰ্মূল কৰিবলৈ দাবী জনায়। শিৱসেনাৰ প্ৰিয়ংকা চতুর্বেদীয়ে দেশত সুযোগ সুবিধাৰ অভাৱৰ বাবে যুৱ চামে বিশেষকৈ দুর্ভোগ ভূগিবলগীয়া হৈছে বুলি উল্লেখ কৰে। সমাজবাদী পাৰ্টীৰ জয়া বচ্চনেও এনে ধৰণৰ গুৰুতৰ ঘটনাক লৈ ৰাজনীতি কৰিব নালাগে বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক