ডাউনলোড
মোবাইল এপ

android apple
signal

April 28, 2024 6:05 PM | PM Modi Campaign

printer

কৰ্ণাটকৰ বেলগাৱিত নির্বাচনী সভাত অংশলৈ চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা কৃষক তথা জনসাধাৰণ উপকৃত হোৱাৰ কথা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেলগাৱিত এখন বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত জনতাক সম্বোধন কৰি তেওঁ কয় যে, বিগত ১০ বছৰত বিজেপি চৰকাৰে কৃষক উৎপাদক সংস্থাৰ জৰিয়তে খেতিয়কসকলৰ বাবে কৃষি উৎপাদিত সামগ্ৰীৰ বজাৰ মুকলি কৰি ক্ষুদ্ৰ কৃষকসকলক সহায় কৰি আহিছে। ইন্ধনত ইথানল মিহলি প্ৰক্ৰিয়াৰ জৰিয়তে কৃষকসকলে ৭০ হাজাৰ কোটি টকা উপাৰ্জন কৰিছে। ভাষণ প্ৰসংগত বিজেপি চৰকাৰে গৃহীত কৰা ভাৰতীয় ন্যায় সংহিতাই আন শৃংখলা পৰিস্থিতি অধিক উন্নত কৰিব বুলিও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে প্ৰধানমন্ত্ৰী কৃষি সন্মান যোজনাৰ জৰিয়তে কৃষকক পূৰ্বৰ বিজেপি চৰকাৰে ৪ হাজাৰ টকাকৈ দিয়া আৰ্থিক সাহায্য কৰ্তন কৰা বুলিও প্রধানমন্ত্রীয়ে অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, কৰ্ণাটকত কংগ্ৰেছৰ ভোটবেংক আৰু তুষ্টিকৰণ ৰাজনীতিৰ বাবেই আইন শৃংখলাৰ অৱনতি ঘটিছে। প্রধানমন্ত্ৰীগৰাকীয়ে অলপতে হুবলিৰ নেহা হীৰেমেথ হত্যাকাণ্ড আৰু ৰামেশ্বৰমৰ এখন কেফেত সংঘটিত বোমা বিস্ফোৰণৰ প্ৰসংগ উত্থাপন কৰি কয় যে, বিজেপি চৰকাৰে নতুনকৈ প্ৰণয়ন কৰা ন্যায় সংহিতাই এনে ঘটনা ৰোধ কৰাত সহায় কৰিব। কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰা পি এফ আই নামৰ সংগঠনটোৰ পৰা নিৰ্বাচনত কংগ্ৰেছে সহায় লোৱা বুলিও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, কংগ্ৰেছে সন্তানৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা ধনৰ ওপৰত উত্তৰাধিকাৰী কৰ সংগ্ৰহৰ প্ৰস্তাৱ আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক