কৰিমগঞ্জ, ডিমা হাচাও, বাক্সা জিলাত প্ৰশাসনৰ ভোটাৰ সজাগতা কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। কৰিমগঞ্জ জিলাত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত নির্বাচনী সজাগতা সৃষ্টিৰ লক্ষ্যৰে এখন আন্তঃমহাবিদ্যালয় কুইজ প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। ডিমা হাচাও জিলাতো হাফলং বিধানসভা সমষ্টিৰ ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে SVEEP আইকন ৰাকেশ বনিকে জিলা প্ৰশাসনৰ উদ্যোগত জিলাখন পৰিভ্ৰমণ কৰে। ইয়াৰ লগতে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে আয়োজন কৰা এটা চাইকেল ৰেলীত প্ৰায় ৭০০ গৰাকী মহিলাই অংশগ্ৰহণ কৰে। চাইকেল ৰেলীত ভাগ লৈ শ্ৰী বনিকে কয় যে, দেশত এখন সুস্থ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত প্রতিজন ভোটদাতাই নির্বাচনৰ সময়ত নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা উচিত। বাক্সা জিলাতো জিলা প্ৰশাসনে দৰং-ওদালগুৰি লোকসভা সমষ্টিত ভোটগ্রহণৰ বাবে নিয়োজিত ভোটগ্ৰহণকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত উপস্থিত থাকি অতিৰিক্ত জিলা আয়ুক্তই কয় যে, তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিত নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সমষ্টি দুটাৰ ৪৭০ টা ভোটকেন্দ্ৰত ২,২৪৪ গৰাকী ভোটগ্ৰহণকাৰী বিষয়াই ভোটগ্ৰহণত অংশগ্ৰহণ কৰিব বুলি অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিটোত নিৰ্বাচনী আয়োগৰ বিধি অনুযায়ী বিশেষভাৱে সক্ষম আৰু ৮৫ বছৰ বয়সৰ ওপৰৰ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰা হৈছে। মঙলদৈ বিধানসভা সমষ্টিত মুঠ ৫১৪ জন এনে ভোটাৰ আছে বুলি বিভাগীয় কর্তৃপক্ষই জানিবলৈ দিছে। ইয়াৰ ভিতৰত ২০৩ গৰাকী বিশেষভাৱে সক্ষম আৰু ৩১১ গৰাকী ৮৫ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক। ইফালে, কোকৰাঝাৰত নিৰ্বাচনী বিভাগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কৰ্তব্যৰত আৰক্ষীসকলৰ কাৰণে পোষ্টেল বেলট ভোটদানৰ আয়োজন কৰে।

অধিক পঢ়ক

সকলো চাওক