কৰিমগঞ্জ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১ লাখ নিচাযুক্ত টেবলেট জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১ লাখ নিচাযুক্ত টেবলেট জব্দ কৰিছে। এই ঘটনা সংক্রান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক এই পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ইপিনে লখিমপুৰ জিলাৰ হাৰমতিত আৰক্ষীয়ে বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক আটক কৰে। লোকজনৰ পৰা ৪৮টা টেমাত ভৰ্তিকৰি ৰখা মাদকদ্রব্য আৰু ৪৮ হাজাৰ টকাৰো অধিক নগদ ধন জব্দ কৰা হৈছে। গোলাঘাট জিলাৰ সৰুপথাৰতো কালি বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হয়। সৰুপথাৰ থানাৰ সমীপৰ ৪ নম্বৰ ৱাৰ্ডত জব্দ কৰা মাদকদ্রব্যখিনিৰ মূল্য এক কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই সংক্ৰান্তত এজন লোকক আটক কৰি তদন্ত অব্যাহত ৰখা হৈছে। গোলাঘাট জিলাৰ বগৰীজেং আৰক্ষী নিবেশৰ খেলপথাত আজি ১৯ লাখৰো অধিক টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ কৰা হয়। জিলাখনৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত এই সামগ্ৰীসমূহ দাহ কৰা হয়। আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰকাশ কৰা মতে মাদকদ্রব্য সৰবৰাহৰ ঘটনাত জিলাখনত এতিয়ালৈ কমেও ৫০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কয় যে, মাদকদ্রব্যসমূহ সৰবৰাহকাৰীয়ে বহিঃৰাজ্যৰ পৰা গোলাঘাটৰ মাজেৰে সৰবৰাহকৰাৰ চেষ্টা চলাইছিল।

অধিক পঢ়ক

সকলো চাওক