কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও বানত বুৰ গৈছে

কৰিমগঞ্জ জিলাৰ বহু লোক বানপানীৰ বাবে গৃহবন্দী হৈ পৰিছে। কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও পানীত বুৰ গৈছে। বর্তমান জিলাখনত ১১২টা সাহায্য শিবিৰ সক্ৰিয় হৈ আছে আৰু তাত ১৫ হাজাৰতকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। নিলাম বাজাৰ ৰাজহ চক্ৰৰ ১০৬খন গাঁও আটাইতকৈ বেছি প্লাৱিত হোৱাৰ বিপৰীতে ৰামকৃষ্ণ নগৰ ৰাজহ চক্ৰত ৭১খন গাঁও, কৰিমগঞ্জ সদৰ চক্ৰৰ অন্তৰ্গত ৮৭খন গাঁও, বদৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৫খন আৰু পাথাৰকান্দি ৰাজহ চক্ৰৰ অন্তৰ্গত ৩১খন গাঁও পানীত বুৰ গৈছে। তাৎপর্যপূর্ণভাৱে এইবাৰৰ ভয়াবহ বানৰ ফলত জিলাখনৰ দুহেজাৰ ৩৩৭ হেক্টৰতকৈও অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত মুঠ ২ লাখ ৫৭ হাজাৰ লোক বানত ক্ষতিগ্রস্ত হয়। অৱশ্যে জিলাখনৰ কুছিয়াৰা নৈৰ জলপৃষ্ঠ অপৰিৱৰ্তিত হৈ আছে।

অধিক পঢ়ক

সকলো চাওক