ডাউনলোড
মোবাইল এপ

android apple
signal

July 12, 2024 7:48 PM

printer

কৰিমগঞ্জত বান পৰিস্থিতিৰ পর্যালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বান পৰিস্থিতি পর্যালোচনা কৰাৰ বাবে আজি কৰিমগঞ্জ জিলা ভ্রমণ কৰে। আজি বিয়লিৰ ভাগত মন্ত্ৰীগৰাকীয়ে কৰিমগগঞ্জ চহৰত এটা বান আশ্রয় শিবিৰ পৰিদৰ্শন কৰি জনসাধাৰণৰ সা-সুবিধাৰ বুজ লয়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলা আয়ুক্তৰ লগতে জিলাৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ইয়াৰ পাছত আয়োজিত এখন সংবাদ মেলত তেওঁ কয় যে, ৰাজ্য চৰকাৰে বান শিবিৰত থকা জনসাধাৰণক খাদ্য যোগান সুনিশ্চিত কৰাৰ বাবে বিশেষ গুৰুত্ব দিছে। তেওঁ লগতে এসপ্তাহৰ ভিতৰত বানৰ ফলত জিলাখনত হোৱা ক্ষয়-ক্ষতিৰ সবিশেষ তথ্য সংগ্ৰহ কৰিবলৈ বিভাগসমূহক নির্দেশ দিয়ে যাতে ১৫ আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সকলো ধৰণৰ ক্ষতিপূৰণ দিব পৰা যায়। মন্ত্ৰীগৰাকীৰ ভ্ৰমণকালত জিলা আয়ুক্তৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, সাংসদ কৃপানাথ মাল্লা, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাসৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক