প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গেমিং কার্টুন চলচ্চিত্র নির্মাণ তথা আন কেতবোৰ উদ্ভাৱনীমূলক খণ্ডত বর্ধিত সা-সুবিধা তথা নিয়োগৰ দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰকাৰ সন্দৰ্ভত আলোকপাত কৰিছে। কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উদ্ভাৱনীমূলক প্রতিভাৰ অপাৰ সম্ভাৱনা সম্পৰ্কে উল্লেখ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে আয়োজন কৰা ক্রিয়েট ইন ইণ্ডিয়া বিষয়বস্তু আধাৰিত ২৫টা প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। শ্রীমোদীয়ে আগ্রহী ব্যক্তিসকলক এই প্রতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে wavesindia.org ৱেবছাইট চাবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে যোৱা ২২ আগষ্টত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত ক্রিয়েট ইন ইণ্ডিয়া চেলেঞ্জ শীর্ষক প্রতিযোগিতাৰ প্ৰথম সংস্কৰণ মুকলি কৰে। এই প্ৰতিযোগিতাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতত প্ৰস্তুত হোৱা শৈলীসমূহ বিশ্বৰ বাবে ভাৱধাৰৰ সৈতে সংগতি ৰাখি আয়োজিত সমাগত বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন- WAVEৰ পূর্বাভাষ দিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ সামাজিক মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক ত্বৰান্বিত কৰা তথা ক্রিয়েটৰ অৰ্থনীতিৰ প্ৰগতিৰ বাবে অহা বছৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব।
Site Admin | September 30, 2024 11:15 AM | Creat In India