কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেলাৱেৰত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয় যে, এই শীর্ষ সন্মিলন এনে এটা সময়ত অনুষ্ঠিত হৈছে যি সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰিছে। এনে পৰিস্থিতিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে গণতান্ত্ৰিক প্ৰমূল্যক গুৰুত্ব দি মানৱতাৰ হকে একেলগে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, কোৱাড ৰাষ্ট্ৰগোষ্ঠী কাৰো বিৰোধী নহয় আৰু ই নিয়ম আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা এটাক সমৰ্থন কৰাৰ লগতে সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাক সন্মান কৰি সকলো সমস্যাৰ শান্তিপূর্ণ সমাধানৰ পক্ষপাতি। তেওঁ কয় যে, মুক্ত, স্বতন্ত্ৰ আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাটো কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ অগ্ৰাধিকাৰৰ বিষয়। প্রধানমন্ত্ৰীয়ে কয় যে, কোৱাড ৰাষ্ট্ৰসমূহে একেলগে স্বাস্থ্য, সুৰক্ষা, প্রযুক্তি, জলবায়ু পৰিৱৰ্তন আদি ক্ষেত্ৰত বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে অহা বছৰ কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলন ভাৰতত আয়োজন কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। কোৱাড শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ডেলাৱেৰৰ নিজা বাসভৱনত মোদীৰ সন্মানার্থে এই অনুষ্ঠানৰ আয়োজন কৰে। এঘণ্টাজুৰি চলা এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-আমেৰিকা ব্যাপক বিশ্ব কৌশলগত অংশীদাৰিত্বক অধিক দৃঢ় কৰাৰ বাবে নতুন পথৰ সন্ধান কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত প্রধানমন্ত্রীয়ে এই বৈঠকক ফলপ্রসূ বুলি মন্তব্য কৰাৰ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ আতিথ্যৰ বাবে তেওঁ ধন্যবাদ জনায়। এই আলোচনাত পৰস্পৰ স্বার্থজড়িত বিভিন্ন ক্ষেত্ৰত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক অংশীদাৰিত্বক অধিক দৃঢ় কৰাত গুৰুত্ব আৰোপ কৰা হয়। দুয়োগৰাকী নেতাই ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলকে ধৰি বিভিন্ন গোলকীয় আৰু আঞ্চলিক সমস্যা সম্পর্কে মত বিনিময় কৰে। আনহাতে সামাজিক মাধ্যমিকযোগে এটা পষ্টত শ্ৰী বাইডেনে কয় যে, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অতি নিবিড়, শক্তিশালী আৰু গতিশীল । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কত ভাৰতীয় মূলৰ লোকসকলক সম্বোধন কৰিব। তেওঁ লগতে আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত উভয় দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব। প্রধানমন্ত্রীয়ে কাইলৈ নিউয়র্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অব দ্য ফিউচাৰ শীৰ্ষক সন্মিলন ভাষণ দিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান। বিশ্বৰ বহুদেশৰ নেতাই এই শীৰ্ষ সন্মিলনত অংশ লোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্ৰীয়ে লগতে বিভিন্ন দেশৰ নেতাসকলৰ সৈতে পৰস্পৰ স্বার্থজড়িত বিষয় লৈ দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব। কালি ফিলাডেলফিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ভাৰতীয় মূলৰ লোকসকলে শ্রীমোদীক অভিনন্দন জনায়।

অধিক পঢ়ক

সকলো চাওক