ডাউনলোড
মোবাইল এপ

android apple
signal

September 18, 2024 6:14 PM | PM US Visit

printer

কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ২১ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে ২১ ছেপ্তেম্বৰত ৱাশ্বিংটনৰ ডেলাৱেৰত হ’বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল’ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিদেশ মন্ত্রালয়ে কৈছে যে বৈঠকত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত এটা বছৰত ৰাষ্ট্ৰগোষ্ঠীটোৱে লাভ কৰা প্ৰগতিৰ পৰ্যালোচনা চলাব। তেওঁলোকে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহক নিজৰ নিজৰ উন্নয়নৰ লক্ষ্য আৰু আশা-আকাংক্ষা পূৰণ কৰাত সহায় কৰাৰ বাবে পৰৱৰ্ত্তী এটা বছৰৰ বাবে কাৰ্যসূচী নির্ধাৰণ কৰিব। প্রধানমন্ত্রী মোদীয়ে ২৩ ছেপ্তেম্বৰত নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অব দ্য ফিউচাৰ শীর্ষক সন্মিলনক সম্বোধন কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান।

অধিক পঢ়ক

সকলো চাওক