বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয়, যে কোৱাড ৰাষ্ট্ৰ গোষ্ঠীয়ে ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ড০ জয়শংকৰে এইখণ্ডৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে কোৱাড ৰাষ্ট্ৰ গোষ্ঠী বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। কোৱাডৰ কুৰি সংখ্যক বার্ষিকী উপলক্ষে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এটা যুটীয়া বিবৃতিত এই ৰাষ্ট্ৰ গোষ্ঠীয়ে বৰ্তমান ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত ইয়াৰ অংশীদাৰসকলৰ সৈতে একেলগে কাম কৰিছে বুলি প্ৰকাশ কৰা হৈছে। এই ৰাষ্ট্ৰ গোষ্ঠীয়ে জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগ আৰু অন্যান্য মহামাৰী প্ৰতিৰোধৰ বাবে গুণগত আন্তঃগাঁথনি নির্মাণ, সন্ত্রাসবাদ বিৰোধী কার্যকলাপ, চাইবাৰ সুৰক্ষা আদি প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে কাম কৰি আছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। তদুপৰি ছুনামীত ক্ষতিগ্ৰস্ত ভাৰত-প্রশান্তমহাসাগৰীয় খণ্ডৰ লাখ লাখ লোকলৈ এই ৰাষ্ট্ৰ গোষ্ঠীৰ ৪০ হাজাৰৰো অধিক জৰুৰীকালীন স্বেচ্ছাসৱী আৰু অন্যান্য অংশীদাৰে সহায়ৰ হাত আগবঢ়াই আহিছে। ২০০৪ চনত ভাৰত মহাসাগৰত হোৱা ভূমিকম্প আৰু চুনামীত ক্ষতিগ্রস্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে অস্ট্রেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক লৈ কোৱাড ৰাষ্ট্ৰগোষ্ঠী গঠন কৰা হৈছিল।
Site Admin | December 31, 2024 6:23 PM | Quad Country
কোৱাডৰ ২০ সংখ্যক বার্ষিকীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ ভাষণ
