October 6, 2024 8:48 PM | Dr. S Jaishankar

printer

কোৱাডে প্রতিষ্ঠানিক সহযোগিতাৰ সকলো গতানুগতিক আৰ্হিক উপেক্ষা কৰাৰ লগতে ই উদ্ভাৱনীমূলকোঃ এছ জয়শংকৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, কোৱাডে প্রতিষ্ঠানিক সহযোগিতাৰ সকলো গতানুগতিক আৰ্হিক উপেক্ষা কৰে আৰু এই কাৰণে কোৱাড অতি উদ্ভাৱনীমূলক হৈ পৰিছে। নতুন দিল্লীত আজি তৃতীয় কৌটিল্য অর্থনীতি সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, সন্ধি আধাৰিত সংস্থা নোহোৱাৰ বাবে কোৱাড সুবিধাজনক হৈ উঠিছে। তেওঁ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ডত কোৱাড অন্যতম মূল ব্যৱস্থা বুলি উল্লেখ কৰে। সকলো গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ যোগাযোগৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি ড০ জয়শংকৰে কয় যে, গোলকীয় ৰাজনীতিতো ভাৰতক এখন দায়বদ্ধ দেশ হিচাপে চোৱা হৈছে। আনহাতে বর্তমান সময়ত বিশ্বই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, বিশ্বায়নৰ স্তৰসমূহ এনে এটা পৰ্যায়ত উপনীত হৈছে যে কোনো এটা অঞ্চলৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে। কৌটিল্য অর্থনীতি সন্মিলনত প্ৰায় ১৫০ জন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাবিদ তথা নীতি নিৰ্ধাৰকক একত্ৰিত কৰি ভাৰতীয় অৰ্থনীতি আৰু গোলকীয় দক্ষিণৰ অৰ্থনীতিয়ে সন্মুখীন হোৱা ভালেমান গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক