ডাউনলোড
মোবাইল এপ

android apple
signal

কোম্পানীয়ে এল পি জি গ্ৰাহকৰ বাবে e-KYC আধাৰ প্ৰমাণীকৰণৰ কাম হাতত লৈছে : মন্ত্ৰী হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে তেল বিপণন কোম্পানীসমূহে এল পি জি গ্ৰাহকৰ বাবে e-KYC আধাৰ প্ৰমাণীকৰণৰ কাম হাতত লৈছে যাতে ভুৱা গ্ৰাহকক আঁতৰাই পেলাব পাৰি, যাৰ নামত বাণিজ্যিক চিলিণ্ডাৰ প্ৰায়ে কিছুমান বিশেষ গেছ বিতৰকে বুকিং কৰে। শ্ৰী পুৰীয়ে কয়, এই প্ৰক্ৰিয়াটো ৮ মাহতকৈও অধিক সময় ধৰি চলি আছে। কেৰালাৰ বিৰোধী দলপতি ভি ডি সাথিছানে গেছ এজেন্সীত এল পি জি পুনৰীক্ষণে সাধাৰণ লোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰা বুলি দাবী কৰা এখন পত্ৰৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। শ্ৰী পুৰীয়ে পুনৰ কয় যে ডেলিভাৰীৰ সময়ত এল পি জি কৰ্মীসকলে গ্ৰাহকৰ আধাৰ তথ্য থকা এটা মোবাইল এপ ব্যৱহাৰ কৰি গ্ৰাহকৰ সবিশেষ পুনৰীক্ষণ কৰে। প্ৰক্ৰিয়াটো সম্পূর্ণ কৰিবলৈ গ্ৰাহকলৈ এটা অ’টিপি প্ৰেৰণ কৰা হয়। তেওঁ গুৰুত্বসহকাৰে কয় যে তেল বিপনন কোম্পানীসমূহ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা এই প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই আৰু গ্ৰাহকে তেল বিপণন কোম্পানীসমূহ চমুকৈ OMC-ৰ মোবাইল এপ ব্যৱহাৰ কৰি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰে। শ্ৰীপুৰীয়ে লগতে কয় যে গ্ৰাহকক আশ্বস্ত কৰাৰ বাবে তেল কোম্পানীসমূহেও এই বিষয়ত সংবাদ মাধ্যমত স্পষ্টীকৰণ জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক