ডাউনলোড
মোবাইল এপ

android apple
signal

কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়লৈ উন্নীত কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন বিশ্ববিদ্যালয়খনক কৃত্রিম বুদ্ধিমত্তা, ৰব’টিকছ আদিৰ দৰে অত্যাধুনিক পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ জৰিয়তে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। কোকৰাঝাৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰি সকলো আন্তঃগাঁথনিৰে পৰিপূৰ্ণ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ৫০ কোটি টকা সাহায্য ঘোষণা কৰিছে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে হৰিণাগুৰিত নতুনকৈ নিৰ্মাণ কৰা বি টি চি ৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ আবাসিক চৌহদো আনুষ্ঠানিকভাৱে মুকলি কৰে। ১০০ কোটি টকা ব্যয় সাপেক্ষে এই আবাসিক চৌহদটো নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী শৰ্মাই কয়, যে বড়োসকলৰ সমৃদ্ধ ইতিহাস আৰু বৰ্ণিল লোক জীৱনে আমাৰ ইতিহাসক গৰিমা মণ্ডিত কৰি ৰাখিছে। বড়ো লোকসকলৰ উন্নয়নৰ বাবে বিটিআৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে পাৰ্যমানে সহায়-সহযোগ আগবঢ়াই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে এই খণ্ডত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ জৰিয়তে পথ, যোগাযোগ, শিক্ষা, স্বাস্থ্য আদিকে ধৰি অন্যান্য খণ্ডত ভালেখিনি উন্নয়ন সাধন কৰা হৈছে। ড০ শৰ্মাই তেওঁৰ ভাষণত বিটিআৰৰ বিশিষ্ট শিল্পীসকলক সাংস্কৃতিক বঁটা প্রদান, ছহিদ তথা ভুক্তভোগী পৰিয়াললৈ অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত তেওঁ বড়োলেণ্ডক শিক্ষিত কৰা বিষয়ক এখন প্রতিবেদন মুকলি কৰাৰ লগতে বিটিআৰ চৰকাৰৰ ৪ বছৰৰ সাফল্য উদযাপন কৰে। এই অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে অহা ছেপ্তেম্বৰ-অক্টোবৰ মাহত বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আজি বিটিআৰত বাথৌ পূজা উপলক্ষে সমূহীয়া প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি বিটিআৰবাসীৰ শান্তি আৰু মংগলৰ বাবে প্রার্থনা জনায়।

অধিক পঢ়ক

সকলো চাওক