ডাউনলোড
মোবাইল এপ

android apple
signal

কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আজি কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিটিচিৰ বিধায়িনী ভৱনত ক্ষন্তেক আগতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপাল গৰাকীয়ে তেওঁৰ ভাষণত কোকৰাঝাৰত এই কাৰ্যসূচী আৰম্ভণি কৰা ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰে।

এই অধিৱেশনৰ কালত হোৱা চৰ্চাসমূহে তথা অধিৱেশনত গৃহীত সিদ্ধান্তসমূহে নাগৰিকসকলৰ আশা-আকাংক্ষা পূৰণ কৰাত সহায়ক হোৱাৰ উপৰি অসমক এখন অধিক সফল ৰাজ্যত পৰিণত কৰাত বিশেষভাৱে অৰিহণা যোগাব বুলি আশা ব্যক্ত কৰে। প্ৰাচীন কামৰূপ আৰু প্ৰাগজ্যোতিষৰ ইতিহাসৰ পৰা আৰম্ভ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ আধ্যাত্মিক চিন্তা-চৰ্চাৰ বিষয়ে উল্লেখ কৰি শ্ৰী আচাৰ্যই অসমৰ গুৰুত্ব তথা মহত্বৰ বিষয়েও নিজৰ মত ব্যক্ত কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰৰ বিভিন্ন ইতিবাচক পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ লগতে কয়, যে এনে পদক্ষেপসমূহে ৰাজ্যখনক ক্ৰমান্বয়ে দেশৰ আন অংশৰ সৈতে অধিক সক্রিয় তথা গতিশীলভাৱে জড়িত কৰিবলৈ সমৰ্থ হৈছে। বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী-বিধায়কসকল কোকৰাঝাৰত উপস্থিত হোৱাৰ পাছত তেওঁলোকক বি টি চিৰ বিধায়িনী ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। অধিৱেশনৰ কাৰ্যসূচীৰ আৰম্ভণিতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আদৰণি ভাষণত কোকৰাঝাৰত এই অধিৱেশনৰ আয়োজন কৰা পদক্ষেপক ঐতিহাসিক বুলি অভিহিত কৰি ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী গুৱাহাটীৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক