অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই আলোচনাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে কোকৰাঝাৰত অনুষ্ঠিত অধিবেশনে অখণ্ডিত অসমৰ বার্তা দিছে। লগতে তেওঁ কয়, যে কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনে সমাগত ৫০ বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামৰ প্ৰসংগও উল্লেখ কৰে।
মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো অন্যতম সফলতা বুলি তেওঁ মন্তব্য কৰে। ধ্রুপদী ভাষাৰ স্বীকৃতিৰ জৰিয়তে অসমীয়া ভাষাক লৈ চলা দীৰ্ঘদিনীয়া যুঁজৰ অৱসান ঘটিল বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বৰাক উপত্যকাৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানসিক দূৰত্ব ক্ৰমাৎ হ্ৰাস পাইছে। কাছাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনে বৰাক উপত্যকাৰ সৈতে থকা দূৰত্ব হ্ৰাস কৰিছে বুলি তেওঁ মন্তব্য কৰে। এডভান্টেজ আছামৰ জৰিয়তে অৰ্থনৈতিকভাৱে অসম উপকৃত হোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে বাৰাউনীৰ পৰা নুমলিগড় শোধনাগাৰলৈ ৯ মিলিয়ন খাৰুৱা তেল অহাটো এডভান্টেজ আছামৰ ফচল। অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস আৰু বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে ইতিবাচক প্ৰভাৱ পেলাব বুলি তেওঁ মন্তব্য কৰে। বাল্য বিবাহ প্ৰতিৰোধৰ সুফল পৰৱৰ্তী ১০ বছৰত অসমে লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাষণত তেওঁ লগতে কয়, যে ১০ মাৰ্চত দাখিল হ’বলগীয়া বাজেটত আত্মবিশ্বাসৰ প্ৰতিফলন ঘটিব।